এহাল কানাডিয়ান প্ৰেমাষ্পদে এটা ‘জীৱন্ত ডাইন’ছৰ’ ধৰিছে৷ কানাডাৰ এলবাৰ্টাৰ এজন লোকে বৰশীৰে ধৰিছে ১৫৯ কিলোগ্ৰাম ওজনৰ এটা ‘জীৱন্ত ডাইন’ছৰ’৷
বৰশীৰে ‘জীৱন্ত ডাইন’ছ’ ধৰা কাডানিয়ান লোকজনৰ নাম হৈছে ব্ৰায়েডেন ৰৌছ৷ সপ্তাহান্তৰ উদযাপনৰ সময়ত নদীত বৰশী টোপাই থকাৰ সময়তে লোকজনৰ বৰশীত ধৰে এটা প্ৰকাণ্ড ট্ৰিয়াছিক যুগৰ পৰাই উপলব্ধ এটা মাছে৷
লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ
চিটিভি নিউজ-এ প্ৰকাশ কৰা মতে সপ্তাহান্তত ৰৌছে শীতৰ উদযাপনৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই গৈছিল৷ সেই সময়ত ৰৌছে ভাগ্য পৰীক্ষাৰ বাবে প্ৰেমিকা চিডনী ক’জেলেঙ্কাৰ সৈতে তিনিঘণ্টা সময় ফ্ৰেছাৰ নদীত নাওৰে বৰশী টোপাবলৈ ধৰে৷
তেনেতে তেওঁলোকৰ বৰশীত প্ৰকাণ্ড মাছটোৱে ধৰে৷ ‘‘বৰশীত মাছটোৱে ধৰাৰ পিছত নদীৰ মাজত ২৫ মিনিট ধৰি যুঁজ বাগৰ কৰো৷ আৰু শেষত আমি তাক ধৰিবলৈ সক্ষম হওঁ৷’’ তেওঁলোকে কয়৷
অৱশ্যে প্ৰেমিক যুগলে পিছত মাছটো পুনৰ নদীত এৰি দিয়ে৷
লগতে পঢ়ক পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!
উল্লেখ্য এই প্ৰকাণ্ড মাছটো আজিৰ পৰা ২৪৫-২০৮ নিযুত বছৰ পূৰ্বৰ পৰাই পৃথৱীত উপলব্ধ এই মাছবিধৰ এতিয়া বিশেষ শাৰীৰিক পৰিৱৰ্তন হোৱা নাই৷
ট্ৰিচাৰট’পছ নামৰ এই প্ৰকাণ্ড মাছবিধক ‘জীৱন্ত ডাইন’ছ’ৰ বুলি কোৱা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ