৩৩ বছৰীয়া ৰাজনীতিৰ পৰা অৱসৰ ল’লে ড০ মনমোহন সিঙে
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে আজি ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাৰ্ধক্য জনিত কাৰণতে অৱসৰ লোৱাৰ কথা সদৰি। ১৯৯১ চনত অসমৰ পৰা প্ৰথম ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল সিং।
ছয় বাৰকৈ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মনমোহন সিং শেষ বাৰৰ বাবে ২০১৬ চনত ৰাজস্থানৰ পৰা নিৰ্বাচিত হৈছিল। আজি তেখেতৰ ৩৩ বছৰীয়া এই সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ অন্ত পেলালে।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই আজি এক পত্ৰ যোগে ৯১ বৰ্ষীয় ড০ মনমোহন সিঙৰ অৱসৰৰ কথা সদৰি কৰে। খাৰ্গেই পত্ৰখন সদৰি কৰি লিখে, এটা যুগৰ অৱসান ঘটিল।
https://x.com/kharge/status/1775180976848503214?s=20
লগতে লিখে যে, এতিয়াৰ পৰা আৰু তেখেতে কোনো সত্ৰিয় ৰাজনীতিত নাথাকে। কিন্তু দলৰ লগত সদায়ে আছে তেখেত। লগতে ইয়াকো কয় যে, আজি ভাৰতে যি আৰ্থিক সমৃদ্ধিৰ আনন্দ লাভ কৰি আছে তাৰ মূলতে আছে পি.ভি. নৰসিম্হা ৰাও আৰু মনমোহন সিঙৰ হাত।
ৰাজনীতিৰ ক্ষেত্ৰত প্ৰথমে সাংসদ হিচাপে ৰাজ্যসভালৈ নিৰ্বাচন, তাৰ পাছত পি ভি নৰসিম্হা ৰাওৰ প্ৰধানমন্ত্ৰীৰ কালত ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ বিত্তমন্ত্ৰী হিচাপে কাম কৰে।
তাৰ পাছত ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ তৃতীয়গৰাকী দীঘলীয়া কাৰ্যকাল একেৰাহে দুবাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেখেত দেশৰ প্ৰথমগৰাকী শিখ প্ৰধানমন্ত্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ