আজি ৯ আগষ্ট ৰাখী পূৰ্ণিমা৷ শাওন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন উৎসৱ পালিত হয়৷ ২০২৫ চনৰ ৰাখী পূৰ্ণিমাত একাধিক গ্ৰহৰ শুভ যোগ তৈয়াৰ হৈছে৷ এইবছৰ ১০০ বছৰৰ পাছত শাওনৰ নক্ষত্ৰ আৰু সূৰ্য আৰু চন্দ্ৰৰ প্ৰভাৱত দুৰ্লভ সংযোগ থাকিব৷ ইয়াৰপূৰ্বে ১৯২৫ চনৰ ৪ আগষ্টত এই যোগ তৈয়াৰ হৈছিল৷ ইয়াৰোপৰি ৰাখী পূৰ্ণিমাত বুধাদিত্য যোগ, সৌভাগ্য যোগ, গজলক্ষ্মী ৰাজযোগ, সৰ্বাৰ্থসিদ্ধি যোগৰ শুভ সংযোগ থাকিব৷ কৰ্কট ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিৰ ফলত বুধাদিত্য যোগ তৈয়াৰ হব৷ মিথুন ৰাশিত শুক্ৰ আৰু বৃহস্পতিৰ যুঁটিৰ ফলত গজলক্ষ্মী ৰাজযোগ তৈয়াৰ হব৷ ইয়াৰোপৰি চন্দ্ৰই মকৰ ৰাশিত আছে৷ সেয়ে আজি সৰ্বাৰ্থসিদ্ধি যোগ আৰু সৌভাগ্য যোগৰ প্ৰভাৱো বৰ্তি থাকিব৷
বৈদিক জ্যোতিষশাস্ত্ৰমতে শাওনৰ পূৰ্ণিমাত গ্ৰহৰ পৰিস্থিতি বিশেষ এক অৱস্থানত থাকিব৷ চন্দ্ৰ, গুৰু, শনিয়ে নিজৰ নিজৰ স্বৰাশিত দুৰ্লভ আৰু শক্তিশালী যোগ তৈয়াৰ কৰিব৷ এইদিনটোত গুৰুপুষ্য যোগ, শাওন নক্ষত্ৰৰ দৰে দুৰ্লভ যোগ তৈয়াৰ হব৷ এই সকলো শুভ যোগৰ প্ৰভাৱত সৌভাগ্যৰ দুৱাৰ খুলিব পাঁচ ৰাশিৰ৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেইসমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছে নেকি?
বৃষ ৰাশি
ৰাখী পূৰ্ণিমাত বৃষ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ সুদিন উভতিব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷ সৃজনশীল কামত সাফল্য পাব৷ শিক্ষাৰ্থীয়ে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷ বিনিয়োগৰ পক্ষে আজিৰ দিনটো শুভ৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হব৷ হঠাৎ বিৰাট অৰ্থ লাভ কৰিব পাৰে৷
মিথুন ৰাশি
একাধিক শুভ যোগৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ সমাজত মান সন্মান বাঢ়িব৷ যিকোনো কাম আত্মবিশ্বাসৰ সৈতে কৰিলে সাফল্য পাব৷ বহুদিন ধৰি ৰৈ থকা কাম এইসময়ত শেষ কৰিব পাৰিব৷ বুদ্ধিৰ জোৰত কৰ্মক্ষেত্ৰত সকলোকে প্ৰভাৱিত কৰিব পাৰিব৷
কৰ্কট ৰাশি
এই ৰাশিৰ জাতকে ৰাখী পূৰ্ণিমাৰ তিথিৰ দিনাই পুৰণি কামত সাফল্য পাব৷ বহুদিনীয়া মনৰ ইচ্ছা পূৰণ হব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ চাকৰিৰ কামত পৰিবেশ অনুকুল থাকিব৷ নিশাৰ ভিতৰতে অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ লটাৰীৰ টিকট কাটিলে বাম্পাৰ লাভ হব৷ কেৰিয়াৰত প্ৰভাৱশালী কাৰোবাৰ সৈতে দেখা হব পাৰে৷
মকৰ ৰাশি
ধন, বৈভৱ আৰু মান সন্মান অৰ্জন কৰিব মকৰ ৰাশিৰ জাতক জাতিকাই৷ অৰ্থ উপাৰ্জনৰ একাধিক ৰাস্তা পাব৷ চাকৰিত নতুন সুযোগ পাব পাৰে৷ সামাজিক সম্পৰ্ক দৃঢ় হব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক ঠাই নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷
ধনু ৰাশি
একাধিক ৰাজযোগৰ প্রভাৱত ধনু ৰাশিৰ জাতক জাতিকা লাভৱান হব৷ প্ৰেম জীৱনত ভাল পৰিণাম পাব৷ যিকোনো কামত সংগীৰ পূৰ্ণ সহযোগিতা থাকিব৷ চখ পূৰণ কৰাৰ বাবে অৰ্থ ব্যয় কৰিব পাৰে৷ যাৰ ফলত মনত সন্তুষ্টি থাকিব৷ আধ্যাত্মিক ধাৰণাত বিশ্বাস বাঢ়িব৷ নতুন কোনো কামৰ সৈতে যুক্ত হব পাৰে৷ পুৰণি ঋণ শোধ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















