আফগানিস্তানত ভয়াৱহ ভূমিকম্প৷ বৰ্তমানলৈকে মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ৬২২ জন৷ সংবাদ সংস্থা ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি গভীৰ নিশা আফগানিস্তানৰ উত্তৰ পূৰ্ব কুনাৰ প্ৰদেশত ৬ প্ৰাৱল্যৰ ভূমিকম্প অনুভূত হয়৷ ভূমিকম্পৰ ফলত খহি পৰিছে ঘৰদুৱাৰ৷ প্ৰশাসনৰ আশংকা, ধ্বংসস্তূপৰ তলত এতিয়াও আৱদ্ধ হৈ আছে বহুলোক৷ তৎপৰতাৰে চলিছে উদ্ধাৰৰ কাম৷
আফগানিস্তানৰ স্বাস্থ্যমন্ত্ৰণালয় সূত্ৰৰ খবৰ অনুসৰি জালালাবাদৰ কাষৰ এখন গাওঁত মুঠ ৩০গৰাকী ব্যক্তিৰ মৃত্যু হৈছে৷ নানগৰহত বৰ্তমান পৰ্যন্ত উদ্ধাৰ হৈছে ৯টাকৈ মৃতদেহ৷ ইতিমধ্যে উদ্ধাৰহোৱা আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ইয়াৰোপৰি আশেপাশে থকা গাওঁসমূহৰ মুঠ নিহতৰ সংখ্যা শতাধিক বুলি আশংকা কৰা হৈছে৷
পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা সীমান্তবৰ্তী পাহাৰীয়া এলেকাসমূহত ইতিমধ্যেই উদ্ধাৰৰ কাম আৰম্ভ হৈছে৷ প্ৰাদেশিক তথ্য প্ৰধান নাজিবুল্লাহ হানিফে কয়, ‘বৰ্তমান পৰ্যন্ত শ শ আহতক হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ হতাহতৰ সংখ্যা আৰু বাঢ়িব পাৰে৷ ৰয়টাৰ্ছৰ দাবী, ভূমিকম্পত মৃতকৰ সংখ্যাই ইতিমধ্যে ৬০০ৰ ঘৰ অতিক্ৰম কৰিছে৷ আহত সংখ্যা হাজাৰতচ বুলি আশংকা কৰা হৈছে৷
নেশ্ব্যনেল চেণ্টাৰ ফল ছেচমলজিৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৬.৩৷ কম্পনৰ উৎসস্থল আছিল ভূপৃষ্ঠৰ পৰা ১০ কিঃমিঃ গভীৰ৷ ইয়াৰোপৰি কেইবাবাৰো ভূকম্পৰ পৰবৰ্তী কম্পন অনুভূত হৈছে আফগানিস্তানত৷ তাৰমাজতে দুটি কম্পনৰ মাত্ৰা আছিল ৫তকৈয়ো বেছি৷ কম্পন অনুভূত হৈছে ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু দিল্লীৰ আশেপাশে থকা এলেকাতো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















