অসম লাইভ২৪ঃ বৰষু্ণে বিপৰ্যস্ত কৰিছে উত্তৰ ছিকিমৰ জনজীৱন। বিগত তিনি দিন ধৰি ছিকিমত বৰষুণৰ পৰিমান বৃদ্ধি হৈছে। পাহাৰীয়া ৰাজ্যখনৰ একাধিক এলেকাত ভূমিস্খলন হোৱাও পৰিলক্ষিত হৈছে। যাৰফলত বিপদত পৰিছে পৰ্যটককে ধৰি সাধাৰণ লোকো। শুকুৰবাৰে উত্তৰ ছিকিমত ২০০০ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছে। শনিবাৰে পুৱাৰে পৰাই উদ্ধাৰ অভিযান চলাই আছে সেনাসকলে। উদ্ধাৰ অভিযান অব্যাহত থাকিলেও বৰ্তমানো প্ৰায় ৩০০ পৰ্যটক আৱদ্ধ হৈ আছে ছিকিমত।
ভূমিস্খলনৰ বাবে চুংথাঙলৈ যোৱা ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। উত্তৰ ছিকিমৰ সৈতে যোগাযোগো প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। ছিকিম চৰকাৰৰ তৰফৰ পৰা উদ্ধাৰকাৰ্য অব্যাহত আছে। লাচেন আৰু লাচুঙৰ ৰাস্তাও প্ৰায় বন্ধ হৈ পৰিছে। দুয়োটা এলেকাতে ২৩৮ খন টেক্সি আৱদ্ধ হৈ আছে। অস্থায়ী কাঠৰ সেঁতু বনাই পৰ্যটকক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে সেনাই।
শনিবাৰে প্ৰায় ২১০০ পৰ্যটকক উদ্ধাৰ কৰা হৈছে। আৱদ্ধ হৈ থকা পৰ্যটকৰ মাজত ৩৬ জন আছিল বিদেশী পৰ্যটক। ইয়াৰোপৰি এখন চৰকাৰী কলেজৰ ৬০ জনকৈ ছাত্ৰ আৱদ্ধ হৈ পৰিছিল। ছিকিম চৰকাৰে উদ্ধাৰৰ বাবে ২৩ খন বাছ আৰু ২০৮খন সৰু গাড়ীৰে পৰ্যটকসকলক উদ্ধাৰ কৰি উলিয়াই আনিছে। বৰ্তমানো বৰষুণৰ মাত্ৰা কমা নাই যাৰ বাবে এতিয়াও লাচুং আৰু লাচেনত প্ৰায় ২৪০০ পৰ্যটক আৱদ্ধ হৈ আছে।
পৰ্যটকক উদ্ধাৰৰ বাবে উত্তৰ ছিকিম প্ৰশাসনে দুটাকৈ হেল্পলাইন নম্বৰো মুকলি কৰিছে। হেল্পলাইন নম্বৰ দুটা হৈছে ৮৫০৯৮২২৯৯৭ আৰু ৮১১৬৪৬৪২৬৫, পৰ্যটকসকলে অসুবিধাৰ সন্মুখীন হ’লে এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰে। ইফালে প্ৰশাসনে ঘোষণা কৰা অনুসৰি লাচুং আৰু লাচেনলৈ যোৱাৰ ৰাস্তা খহিবলৈ আৰম্ভ হোৱাৰ বাবে অনিৰ্দিষ্ঠ কালৰ বাবে লাচেন আৰু লাচুং বন্ধ কৰা হৈছে। ইপিনে যিসকল এতিয়াও আৱদ্ধ হৈ আছে তেওঁলোকক শংকিত নহ’বলৈকো আহ্বান জনাইছে প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ