এক আমোদজনক ঘটনা পোহৰলৈ আহিছে৷ শৌচালয় নাই বাবেই স্বামী গৃহ ত্যাগ কৰি পুনৰ মাতৃ গৃহলৈ এগৰাকী নৱবিবাহিতাই ওভতি গ’ল৷
উত্তৰ প্ৰদেশৰ আলীগড়ত এই ঘটনাটো সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে কিছুদিন পূৰ্বে কমল নামৰ যুৱকজনে মাতৃ বিয়োগৰ কিছু মাহৰ পিছতে বিবাহপাশত আৱদ্ধ হয়৷
নৱবিবাহিতা পত্নীক ঘৰলৈ অনাৰ পিছতে এক আচহুৱা পৰিস্থিতিৰ সন্মুখীন হয় কমল৷ পত্নীয়ে স্বামী গৃহত শৌচালয় নথকাৰ বাবে ককৰ্থনা কৰি মাতৃ গৃহলৈ গুচি যায়৷
প্ৰকাশ পোৱা মতে নৱপৰিণীতাই স্বামীক শৌচালয় নিৰ্মাণ কৰিলেহে পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছে৷ যেতিয়াই শৌচালয় নিৰ্মাণ কৰিব তেতিয়া তেওঁ স্বামী গৃহলৈ পুনৰ ওভতি আহিব৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কমলহঁত হৈছে অতি পিছপৰা অঞ্চলৰ আৰু অশিক্ষিত৷ তেওঁলোকৰ গাঁৱত এতিয়াও শৌচালয় অৰ্থাৎ অনাময় আঁচনিয়ে ঢুকি পোৱাই নাই৷ ইমানেই নহয়, কেৱল যোগী আদিত্যনাথৰ অনাময় আঁচনিয়ে নহয় উন্নয়নৰ কোনো আঁচনিয়েই ঢুকি পোৱা নাই৷
আনকি এতিয়াও কমলহঁতৰ আধাৰ কাৰ্ডেই নাই৷ এই ঘটনাই সংবাদ মাধ্যমত কেৱল আমোদ জনোৱাই নহয় ইয়ে যোগী আদিত্যনাথৰ বিকশিত উত্তৰ প্ৰদেশৰ স্বৰূপ উদঙাই দিয়া বুলিও চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















