গুজৰাটৰ আহমেদাবাদ নগৰৰ বাসিন্দা শ্বহীদ লেন্স নাইক গোপাল সিং ভদোৰিয়াৰ পিতৃ-মাতৃয়ে কুৰিয়াৰ যোগে ছহিদ পুত্ৰলৈ প্ৰেৰণ কৰা শৌৰ্য চক্ৰ চৰকাৰলৈ ঘূৰাই দিছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি বীৰ ছহিদগৰাকীলৈ কুৰিয়া ছাৰ্ভিছ যোগে ‘শৌৰ্য চক্ৰ’ সন্মান প্ৰেৰণ কৰাটো বীৰ ছহিদগৰাকীৰ পৰিয়ালে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷ এই কাণ্ডক বীৰ ছহিদগৰাকীৰ পৰিয়ালে এক অপমান বুলি গণ্য কৰি ওভতাই পঠিয়াইছে৷
কেৱল ইমানেই নহয়, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছহিদ গোপাল সিং ভদোৰিয়াৰ পৰিয়ালে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ বীৰ ছহিদগৰাকীক দেশৰ সন্মুখত সন্মান প্ৰদৰ্শন কৰি শৌৰ্য চক্ৰ প্ৰদান কৰাৰো দাবী জনাব৷
লগেত পঢ়ক পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?
পৰিয়ালৰ লোকে কয় যে তেওঁলোকৰ পুত্ৰই দেশৰ বাবে প্ৰাণ সমৰ্পণ কৰিলে আৰু চৰকাৰে তেওঁৰ ছহিদীবৰণক এইদৰে অপমানহে কৰিছে। ‘‘মোৰ ল’ৰাই দেশৰ বাবে ত্যাগ কৰিছে, গতিকে দেশৰ সন্মুখতে তেওঁ সন্মান লাভ কৰা উচিত।’’ বীৰ ছহিদ সৈনিকগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়৷
উল্লেখ্য যে মুম্বাইত সংঘটিত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণত গোপাল সিঙে প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে ‘বিশিষ্ট সেৱা পদক’ও লাভ কৰিছিল। ইয়াৰ পাছতে ২০১৭ চনত জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৰাষ্ট্ৰীয় ৰাইফলছৰ লেন্স নাইক গোপাল সিং ছহিদ হৈছিল।
আচলতে ২০০৭ চনত লেন্স নায়ক গোপাল সিঙৰ বিবাহ সম্পন্ন হৈছিল যদিও কিছু মতানৈক্যৰ বাবে ২০১১ চনত তেওঁ পত্নীৰ পৰা পৃথকে থাকিবলৈ লৈছিল। দুয়োৰে ব্যস্ততাৰ বাবে ২০১৩ চনত আদালতে বিবাহ ভংগ কৰাৰ আবেদনো নাকচ কৰা হৈছিল।
লগতে পঢ়ক OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…
আবেদনখনত উল্লেখ কৰা হৈছে যে জোৱানজনৰ পিতৃ-মাতৃ আৰু তেওঁৰ পত্নীৰ মাজত বহু বছৰ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল। ভদোৰিয়াই পত্নীক কোনো ধৰণৰ আৰ্থিক সহায় আগনবঢ়োৱাৰ বাবে আপত্তি কৰি পত্নীয়ে এখন দেৱানী আদালতৰ কাষ চাপিছিল।
কিন্তু ২০১৭ চনত ছহিদ হোৱাৰ পাছতে ২০১৮ চনত গোপাল সিঙক মৰণোত্তৰভাৱে শৌৰ্য চক্ৰৰ বাবে নিৰ্বাচিত হৈছিল। তাৰ পিছত ২০১৮ চনৰ পিছত দুয়োটা পৰিয়ালৰ মাজত পুনৰ মিলনৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও ২০২০ চনলৈকে বিষয়টো মীমাংসা কৰিব পৰা হোৱা নাছিল।
ইয়াৰ পাছত ২০২১ চনত আদালতৰ জৰিয়তে ছহিদগৰাকীৰ পত্নী আৰু পিতৃ-মাতৃৰ মাজত বিবাদ নিষ্পত্তি কৰা হয়। আদালতে ছহিদ গোপাল সিঙক মৰণোত্তৰভাৱে এই বীৰত্ব বঁটা প্ৰদান কৰাৰ লগতে এই বঁটাৰ লগত জড়িত সকলো সুবিধা অভিভাৱকসকলক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
ইফালে পেঞ্চন, এক্স-গ্ৰেচিয়া পেমেণ্ট আৰু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ বা সেনাৰ পৰা লাভ কৰা আৰ্থিক সাহায্যকে ধৰি আন সকলো সুবিধা দুয়ো পক্ষৰ মাজত সম পৰিমাণে ভাগ কৰিব লাগিব বুলিও আদালতে ৰায় দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















