প্ৰাক্তন স্বামীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে মেৰিকমে৷ অলিম্পিক পদকজয়ী বক্সাৰ মেৰিকমৰ স্বামীৰ বিৰুদ্ধে অভিযোগ যে এক পইছাও উপাৰ্জন নকৰে তেওঁৰ প্ৰাক্তন স্বামীয়ে৷ মেৰিয়ে যেতিয়া কঠোৰ পৰিশ্ৰম কৰি পৰিয়ালৰ খৰচ গোটাইছিল তেতিয়া তেওঁৰ স্বামী ওনলাই ঘৰত শুই বহি সময় কটাইছিল৷ এই অভিযোগ আনিছে প্ৰাক্তন বক্সাৰে৷ উল্লেখ্য যে বিগত সপ্তাহৰ পৰাই এজনে আনজনৰ বিৰুদ্ধে অভিযোগ-প্ৰতিঅভিযোগ আনিছে৷
এক সাক্ষাৎকাৰত মেৰিকমে কৈছে, ‘সফল কেৰিয়াৰ দূৰৈৰ কথা৷ ওনলা হৈছে ৰাস্তাই ৰাস্তাই ফুটবল খেলিফুৰা মানুহহে৷ সঁচা কথা এয়াই যে এক পইছাও উপাৰ্জন নকৰে ওনলাই৷ কোনো আত্মত্যাগ নাই, কোনো অৱদান নাই৷ দিনে নিশাই শুই শুই সময় কটায়৷ মোৰ এই বিষয়টোৱেই খুব বেয়া লাগে৷ মই বহু কষ্টেৰে উপাৰ্জন কৰিছো৷ বিশ্বাস কৰি তেওঁৰ হাতত সমস্ত অৰ্থ তুলিও দিছিলো৷ কিন্তু পাছত দেখিলো যে মোৰ বেংক একাউণ্ট একেবাৰে খালি হৈ গৈছে৷’
মেৰিৰ বিস্ফোৰক অভিযোগৰ ওলোটাই জৱাবো দিছে ওনলাই৷ তেওঁ কয়, ‘বিবাহৰ সময়ত মই চুক্তিবদ্ধ ফুটবলাৰ আছিলো৷ ইউ পি এছ চিৰ প্ৰস্তুতিও চলাইছিলো৷ মেৰিৰ বক্সিং কেৰিয়াৰ যাতে ভালকৈ আগুৱাই যায় তাৰবাবে প্ৰচুৰ আত্মত্যাগ কৰিছো৷ ফুটবল এৰি দিলো৷ সন্তানক চোৱাচিতা কামত লাগিলো৷ মেৰিক ভালপায়েই সকলো দায়িত্ব নিজেই সামৰি লৈছিলো৷’ ওনলাৰে কয় যে ৰাজ্যসভাৰ সাংসদ হিচাপে ম্যাদ শেষ হোৱাৰ পাছতেই মেৰিয়ে তেওঁক নিৰ্বাচনত যুঁজিবলৈ জোৰ দিছিল৷ সেই কাৰণেই তেওঁৰ বহু অৰ্থ ব্যয় হৈছে৷
উল্লেখ্য যে বিবাহবিচ্ছেদৰ দুবছৰ পাৰ হোৱাৰ পাছত হঠাৎ মেৰিকম আৰু ওনলাৰ মাজত অভিযোগ প্ৰতিঅভিযোগৰ প্ৰতিযোগিতা আৰম্ভ হৈছে৷ মেৰিকমে দাবী কৰিছে, তেওঁৰ নামত থকা যাৱতীয় সম্পত্তি নিজৰ নামত লৈছে ওনলাই৷ ধাৰ মাৰিবলৈ সেই সম্পত্তি বিক্ৰিও কৰিছে ওনলাই৷ ইফালে ওনলাই কৈছে, বিবাহ ভঙাৰ আগতেই অৰ্থাৎ ১০ বছৰ পূৰ্বৰে পৰাই পৰকীয়া প্ৰেমত সোমাই আছে মেৰিকম৷ তেওঁৰ চাটৰ প্ৰমাণো আছে৷ সেই যুদ্ধতেই দুই ঢালি মেৰিয়ে উপাৰ্জনক লৈ কৰিছে মন্তব্য৷ ১৮ বছৰৰ বিবাহিত জীৱন আছিল মেৰিকম-ওনলাৰৰ৷ বিগত ২০২৩ চনৰ ২০ ডিচেম্বৰত তেওঁলোকৰ ডিভোৰ্ছ হয়৷ সেই সময়ত অৱশ্যে বিশেষ বিতৰ্ক হোৱা নাছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















