মেৰী কমে নিশ্চিত কৰিলে বিচ্ছেদৰ খবৰ, ২০২৩ চনতে হৈছিল বিবাহ বিচ্ছেদ
৬ বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে অৱশেষত নিশ্চিত কৰিলে বিবাহ বিচ্ছেদৰ খবৰ। স্বামী কাৰুং অনখোলৰ সৈতে বিবাহ বিচ্ছেদৰ উৰাবাতৰি সন্দৰ্ভত নিজেই মৌনতা ভংগ কৰিছে।
মেৰী কমে এতিয়া আনুষ্ঠানিক বিবৃতি জাৰি কৰি বিশ্ববাসীক জনাইছে যে বিবাহৰ ২০ বছৰৰ পিছত বিবাহ বিচ্ছেদ কৰি স্বামীৰ পৰা আঁতৰি আহিছে।
সামাজিক মাধ্যমত নিজেই এটা পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে শ্বেয়াৰ কৰিছে মেৰী কমে। মেৰী কমে প্ৰকাশ কৰে যে ২০২৩ চনৰ ২০ ডিচেম্বৰতেই দম্পতীহালে পাৰস্পৰিক সন্মতি সাপেক্ষে পৃথক হৈছিল।
https://x.com/MangteC/status/1917528138860618141
এতিয়া ডেৰ বছৰৰ বিচ্ছেদৰ অন্তত মেৰী কমে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি এখন টোকা জাৰি কৰিছে সামাজিক মাধ্যম এক্স হেণ্ডেলত।
বিচ্ছেদৰ লগতে ভাইৰেল হোৱা নিজৰ প্ৰেমৰ খবৰৰ প্ৰতিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেৰী কমে। লগতে এই সন্দৰ্ভত সত্যতাও প্ৰকাশ কৰিছে।

আচলতে কিছুদিনৰ পৰা মেৰী কমৰ বিৰুদ্ধে বিজনেছ পাৰ্টনাৰ হিতেশ চৌধুৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উঠিছিল। এই সন্দৰ্ভত মোৰী কমে লিখে যে, হিতেশ চৌধুৰীৰ সৈতে মেৰী কমৰ কেৱল পেছাদাৰী সম্পৰ্ক আছে। দুয়োৰে মাজত ব্যক্তিগত সম্পৰ্ক নাই। সেই খবৰ ভূৱা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















