ঘৰুৱা কথাবোৰ এতিয়া টেলিভিছনৰ পৰ্দাত৷ ৬বাৰৰ বিশ্ব চেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে তেওঁৰ বিচ্ছেদিত স্বামীয়ে আনিছে ভয়ংকৰ অভিযোগ৷ স্বামীৰ অভিযোগ যে বিশ্বচেম্পিয়ন বক্সাৰ মেৰিকমে বিগত ১০বছৰত একাধিক পৰকীয়াত যুক্ত হৈছে৷ মেৰিকমৰ সৈতে দুবছৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছে তেওঁৰ স্বামী কাৰুং অনলৰ৷ বিচ্ছেদৰ ২বছৰৰ পিছত এজনে আনজনৰ বিৰুদ্ধে আনিছে এটাৰ পিছত আনটো অভিযোগ৷
কিছুদিন পূৰ্বে মেৰিকমে অভিযোগ আনিছিল যে তেওঁৰ সকলো সম্পত্তি কাঢ়ি লৈছে তেওঁৰ প্ৰাক্তন স্বামী কাৰুং অনলে৷ মেৰিকমৰ নামত ঋণো লৈছিল তেওঁৰ প্ৰাক্তন স্বামীয়ে৷ এই অভিযোগৰ পাছতেই এইবাৰ প্ৰতিঅভিযোগ আনিছে তেওঁৰ প্ৰাক্তন স্বামীয়ে৷ তেওঁৰ স্বামীৰ অভিযোগ বিবাহ ভঙাৰ ১০ বছৰ পূৰ্বৰে পৰা একাধিক পৰকীয়া প্ৰেমত পৰিছে মেৰিকম৷ তেওঁৰ ওচৰত তেনে বহু প্ৰমাণো আছে৷
অনলে কৈছে, ‘২০১৩ চনৰ পৰা এক জুনিয়ৰ বক্সাৰৰ সৈতে পৰকীয়াত সোমাই পৰিছে মেৰিকম৷ সেই বিষয়ক লৈয়ে বহুদিন ধৰি আমাৰ মাজত কাজিয়া আছিল৷ ইয়াতেই শেষ নহয়, মেৰিৰ তাৰপিছতো পৰকীয়া প্ৰেম হৈছে৷ ২০১৭ চনৰ পৰা নিজৰ বক্সিং একাডেমিত নিযুক্ত এক কৰ্মীৰ সৈতেও সম্পৰ্কত আছিল৷ তেওঁলোকৰ হোৱাটছএপ চাটৰ প্ৰমাণো মোৰ ওচৰত আছে৷ কিন্তু মই সকলোবোৰ গোপন কৰি ৰাখিছিলো৷’
উল্লেখ কৰা প্ৰয়োজন যে মেৰিকমে কিছু দিন পূৰ্বে প্ৰথমে মুখ খুলিছে৷ মেৰিয়ে কৈছিল, ‘অনলৰক স্বামী হিচাপে যেনেকুৱাকৈ ভাৱিছিলো তেওঁ প্ৰকৃততে তেনে নাছিল৷ সংসাৰৰ আৰ্থিক দিশত প্ৰথমে মই গুৰুত্ব দিয়া নাছিলো৷ তেতিয়ালৈ সকলো ঠিকেই আছিল৷ কিন্তু যেতিয়া কথাবোৰ ময়ো চাবলৈ ধৰিলো তেতিয়া বুজিলো ভিতৰত কি চলি আছে৷ তেওঁৰ চাৰিওফালে ভাৱিব নোৱৰা ধাৰ আছিল৷ আমাৰ সম্পত্তি বন্ধকত থৈ ধাৰ কৰিছিল৷ সেই ধাৰ পৰিশোধ কৰিব নোৱাৰি আমাৰ সকলো সম্পত্তি বাজেয়াপ্তও হৈ গৈছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















