এগৰাকী ছ’চিয়েল মিডিয়া ষ্টাৰ৷ সস্তীয়া জনপ্ৰিয়তাৰ বাবে ভাইৰেল হোৱা যুৱতী নহয় এইগৰাকী৷ চলচ্চিত্ৰৰ নায়িকাৰ দৰেই মোহময়ী এই যুৱতীগৰাকী পেছাত এগৰাকী ৰাজমিস্ত্ৰী৷ ৰাজমিস্ত্ৰীৰ কাম কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল যুৱতীগৰাকী৷ সম্প্ৰতি পুনৰ চৰ্চালৈ যুৱতীগৰাকী৷ ব্ৰিটেইনৰ Darcie Richards এতিয়া জনপ্ৰিয় ব্ৰেণ্ড ‘স্ক্ৰাফ ৱৰ্কৱেৰ’ৰ ব্ৰেণ্ড এম্বেচাদৰ৷ কাম কৰি থকাৰ সময়ৰ যুৱতীগৰাকীৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত৷
View this post on Instagram
এটা ঘৰ নিৰ্মাণ কৰিবৰ বাবে কিদৰে ইটাসমূহ তৈয়াৰ কৰা হয়, কি দৰে সকলো কাম সম্পন্ন কৰা হয় সেই সকলোবোৰ ভিডিঅ’যোগে শ্বেয়াৰ কৰিছিল যুৱতীগৰাকীয়ে৷ জনপ্ৰিয় হোৱাৰ সমান্তৰালকৈ ট্ৰ’লৰো সন্মুখীন হৈছিল Darcie Richards নামৰ যুৱতীগৰাকী৷ কিন্তু সকলোকে আওকান কৰি নিজৰ কাম কৰি গৈছিল সাহসী যুৱতীগৰাকীয়ে৷ শেহতীয়াকৈ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্ত হোৱাৰ পাছত পুনৰ অনুৰাগীৰ মাজত চৰ্চিত হৈছে তেওঁ৷ কাৰণ এয়া তেওঁৰ প্ৰাপ্য৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ