গুৱাহাটী মহানগৰীৰ বেলতলাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ বেলতলাস্থিত ISUZU আৰু Benili শ্ব’ৰূম দুটা ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে৷
ব্যৱসায়ী সঞ্জীৱ নাৰায়ণৰ মালিকাধীন দুয়োটা শ্ব’ৰূমতে অগ্নিকাণ্ডৰ ফলত ৮ খনকৈ বিলাসী বাহনৰ লগতে Beniliৰ কে’বাখনো বাইক জ্বলি ভস্মীভূত হয়৷
বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব জাবিব পৰা গৈছে৷ ইফালে অগ্নিকাণ্ডৰ ফলতে প্ৰতিষ্ঠানটোৰ ভিতৰত থকা এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়৷
লগতে পঢ়ক ‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?
অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ ৮ খনকৈ বাহন উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷ যাৰ ফলত প্ৰতিষ্ঠান দুটাৰ পাছফালে মজুত ৰখা বহু গাড়ী কথমপি অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ