বলীউদৰ নৱউদিত অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী অন্যতম অভিনেত্ৰী হ’ল উৰ্ফি জাভেদ৷ অভিনয়তকৈ নিজৰ বেশভূষাৰ বাবেহে সংবাদ আৰু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চাত থাকে উৰ্ফি জাভেদ৷
নিজৰ অদ্ভূত বেশভূষাৰ বাবে প্ৰায়ে সামাজিক মাধ্যমত ট্ৰলৰো সন্মুখীন হৈ আহিছে উৰ্ফি জাভেদ৷ এনে অদ্ভূত বেশভূষাৰ বাবে আনকি বিভিন্ন অনুষ্ঠানত উৰ্ফি জাভেদে সাংবাদিকৰ লগতে লগতে বিভিন্ন লোকৰ প্ৰশ্নৰো সন্মুখীন হৈ আহিছে৷ মাজে মাজে এনে প্ৰশ্নোত্তৰ দিবলৈ গৈ অভিনেত্ৰীগৰাকীয়ে খঙত ফাটি পৰাও দেখা যায়৷
এইবাৰো এক বিশেষ অনুষ্ঠানত উৰ্ফি জাভেদে নিজৰ পোছাক সম্পৰ্কে কোনো সাংবাদিকে কৰা এক মন্তব্যত জাঙুৰ খাই উঠা দেখা গ’ল৷ সাংবাদিকসকলক উদ্দেশ্যি কৰা এক অনুষ্ঠানত উৰ্ফিয়ে কয়, ‘‘ঘৰত থকা মা-ভগ্নী-প্ৰেয়সীক কাপোৰৰ বিষয়ে পৰামৰ্শ দিয়ক, মোক ক’বলৈ নাহিব।’’
View this post on Instagram
লগতে পঢ়ক জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ
‘ঝলক দিখলা জা ১০’ৰ সংগীত মুকলি অনুষ্ঠানত উপস্থিত আছিল উৰ্ফি। সচৰাচৰৰ দৰে এইবাৰ উৰ্ফিয়ে পিন্ধিছিল ৰিভিলিং কাপোৰ। অলিভ ৰঙৰ চুটি হাতৰ পোছাকটোৰ শৰীৰৰ ওপৰৰ অংশলৈকে সীমিত আছিল। উৰ্ফিৰ পিঠিখন সম্পূৰ্ণ খোলা হৈ আছিল। সেই পোছাকজোৰ পিন্ধা উৰ্ফিক এজন ফটো সাংবাদিকে আন সাজ-পোছাকতকৈ ‘অলপ ভাল’ বুলি মন্তব্য কৰিছিল। সেই মন্তব্য শুনিয়েই উৰ্ফিয়ে নিজৰ নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি এইদৰে ক্ষোভ উজাৰে৷
মঞ্চত থিয় হৈ উৰ্ফিয়ে চিঞৰি উঠিল, ‘‘কাপোৰৰ কথা ক’বলগীয়া হ’লে ঘৰত থকা প্ৰেমিকা বা মা আৰু ভগ্নীক কওক। আজিৰ পৰা মোৰ কাপোৰৰ ওপৰত কোনেও এনে মন্তব্য নকৰিব।’’
মন কৰিবলগীয়া যে এসময়ত বিগ বছৰ প্ৰতিযোগী উৰ্ফিয়ে দুখন ছবিত অভিনয় কৰিছিল৷ কিন্তু অভিনয় দক্ষতাতকৈ উৰ্ফিয়ে এই অদ্ভূত বেশভূষাৰ বাবেই সততে চৰ্চাত থাকে, সদায় সংবাদ মাধ্যমৰ মনোযোগৰ কেন্দ্ৰবিন্দু হৈ থাকে৷
View this post on Instagram
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ