জনতাৰ সুৰক্ষাত নিয়োজিত আৰক্ষীয়ে কিছুমান এনে কৰ্মৰ বাবে সংবাদ শিৰোণাম দখল কৰে যিয়ে সাধাৰণ জনতাৰ মনৰ পৰা খাকী পোছাক জোৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সমীহ দুয়োটাকেই লাঘৱ কৰে৷
আৰক্ষীৰ পুনৰ তেনে এক কাণ্ড সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ প্ৰকাশিত খবৰ মতে একেটা থানাৰে দুজন আৰক্ষী জোৱানে এগৰাকী সতীৰ্থ মহিলা আৰক্ষী কনিষ্টবলৰ প্ৰেমত অন্ধ হৈ পৰস্পৰে পৰস্পৰক হত্যা কৰাৰ বাবে উদ্যত হৈছিল৷
এই লজ্জাজনক কাণ্ডটো উত্তৰ প্ৰদেশ আৰক্ষীৰ৷ উত্তৰ প্ৰদেশৰ বেৰেলী আৰক্ষী থানাত কৰ্মৰত যোগেশ আৰু মুন নামৰ দুই আৰক্ষী জোৱানে একেখন থানাতে কৰ্মৰত এগৰাকী সতীৰ্থ মহিলা আৰক্ষী কনিষ্টবলৰ প্ৰেমত অন্ধ হৈ পৰে৷
লগতে পঢ়ক মহানগৰীৰ বিলাসী বাহনৰ শ্ব’ৰূমত ভয়ংকৰ অগ্নিকাণ্ড, বাহনসহ ১০ কোটি টকাৰ সম্পত্তি ভস্মীভূত
দুয়োগৰাকী জোৱানে একপক্ষীয়ভাৱে মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ প্ৰেমত অন্ধ হৈ পৰাৰ পাছতহে জানিব পাৰে যে তেওঁলোকে দুয়োৱে একেগৰাকী মহিলা কনিষ্টবলেৰে প্ৰেমত অন্ধ হৈ আছে৷ সেই কথা জানিব পাৰি দুই আৰক্ষী জোৱানৰ মাজত কাজিয়াৰ সূত্ৰপাত হ’বলৈ ধৰিলে৷
তেওঁলোকৰ মাজৰ কাজিয়াই এনে পৰ্যায় পালেগৈ যে যোৱা সোমবাৰে নিশা দুয়োৰে মাৰণাস্ত্ৰ লৈ দুয়োকে হত্যা কৰিবলৈ উদ্যত হয়৷ কিন্তু সতীৰ্থ আৰক্ষী জোৱানৰ তৎপৰতাত দুয়োৰে জীৱন ৰক্ষা পৰে আৰু তেওঁলোকৰ মাৰণাস্ত্ৰৰ গুলী লক্ষ্যভ্ৰষ্ট হয়৷
আৰক্ষী থানাত গুলীচালনা কাণ্ডক গাপ দিয়াৰ চেষ্টা কৰা হৈছিল যদিও ঘটনাই গৈ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পায়গৈ৷ জিলা আৰক্ষী অধীক্ষক সত্যাৰ্থ অনিৰুদ্ধ পংকজে ঘটনাৰ খবৰ পাইয়ে ক্ৰাইম ব্ৰাঞ্চৰ প্ৰতাপ সিঙক ঘটনাটো তদন্ত কৰিবলৈ উক্ত আৰক্ষী থানালৈ প্ৰেৰণ কৰে৷
লগতে পঢ়ক সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস
বিষয়াগৰাকীয়ে তদন্ত আৰম্ভ কৰাতহে দুই আৰক্ষী জোৱানে নিজৰ থানাৰে এগৰাকী সতীৰ্থ মহিলা আৰক্ষী কনিষ্টবলৰ একপক্ষীয় প্ৰেমত পৰি এই ভয়ানক কাণ্ড সংঘটিত কৰা কথাটো পোহৰলৈ আহে৷
জানিব পৰা মতে একপক্ষীয়ভাৱে দুয়োগৰাকী আৰক্ষী জোৱানে মহিলা আৰক্ষী কনিষ্টবলগৰাকীক বিয়া কৰাবলৈ মন বান্ধিছিল৷ কিন্তু সেই সম্পৰ্কে মহিলা আৰক্ষী কনিষ্টবলগৰাকীয়ে ঘূৰ্ণাক্ষেও অৱগত নহয় বুলি প্ৰকাশ পাইছে৷ মহিলা কনিষ্টবলগৰাকীয়ে দুয়োগৰাকী আৰক্ষী জোৱানকে সহকৰ্মীৰ দৃষ্টিৰেই চাই আহিছিল বুলিহে প্ৰকাশ পাইছে৷
ইফালে উচ্চ পদস্থ আৰক্ষী বিষয়াই তদন্ত কৰি ঘটনা সন্দৰ্ভত বেৰেলী আৰক্ষী থানাৰ ৫ গৰাকী আৰক্ষীক নিলম্বন কৰিছে৷ থানাৰ পৰিদৰ্শক সত্যেন্দ্ৰ ভদনা আৰু অপৰাধ বিভাগৰ পৰিদৰ্শক অণিল কুমাৰকো ঘটনা সন্দৰ্ভত নিলম্বন কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ