মে-দাম-মে-ফী
আজি পবিত্ৰ মে-দাম-মে-ফী৷ পূৰ্বপুৰুষৰ সোঁৱৰণত তাই আহোমসকলে পালন কৰে মে-দাম-মে-ফী৷
১২২৮-১৮২৬ খ্ৰীষ্টাব্দলৈকে প্ৰায় ছশ বছৰ নিৰৱছিন্নভাৱে আহোম স্বর্গদেউসকলে অসমত ৰাজত্ব কৰি অসম বুৰঞ্জীত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰি থৈ গৈছে। এই দীঘলীয়া কালছোৱাত অনেক জয়-পৰাজয়, ঘাত-প্ৰতিঘাত, সন্ধি-বিগ্ৰহ, মিত্ৰতা-শত্ৰুতা, বিনিময়-সংগ্ৰহ আদিৰ যোগেদি তেওঁলোকে গঢ়ি তুলিছিল বৰ অসম আৰু বৃহৎ অসমীয়া জাতি।
মে-দাম-মেফি। আহোম যুগৰ এক ধর্মীয় সামাজিক উত্সৱ পৱিত্ৰ মে-দাম-মে-ফী। এই উত্সৱ তাই আহোমসকলে পূর্বপুৰুষসকলক স্মৰণ কৰা পূজা। মে-দাম-মে-ফীৰ অর্থ হ’ল- মে মানে তৰ্পণ বা উপাসনা, দাম মানে পূর্বপুৰুষ বা মৃতক আৰু ফী মানে দেও বা দেৱতা। এই পূজাৰ জৰিয়তে উপৰি পুৰুষৰ পৰা নিজৰ লগতে সমাজ তথা দেশৰ মংগলৰ বাবে জন-মিং (আশীর্বাদ) বিচৰা হয়। তাই আহোমসকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে বিশ্বাস কৰে যে দাম মানে হ’ল মৃতক আৰু মৃতকক উত্তৰ পুৰুষে তিনি ভাগত উপাসনা কৰে। ক্ৰমে ন-দাম, ঘাই দাম আৰু চিৰিং দাম। প্ৰথমে ন-দামসকলক স্মৰণ কৰা হয় অৰ্থাৎ যি মৃত্যু হৈছে দ্বিতীয়তে ঘাই দামসকলক স্মৰণ কৰা হয় অৰ্থাৎ পূৰ্বপুৰুষ আৰু তৃতীয়তে চিৰিং দামৰ অৰ্থ হ’ল ফী অৰ্থাৎ ভগৱান। জনশ্ৰুতি মতে ঘাই দামসকল আৰু চিৰিং দামসকলৰ মাজত সমন্ধ থাকে সেয়ে ন-দাম অৰ্থাৎ নতুন মৃতকসকলক আমি পূজা কৰিলে ঘাই দামসকলৰ ওচৰলৈ যায় তাৰপিছত যেতিয়া লাহে লাহে ঘাই দাম হয় তেতিয়া শেষত লাহে লাহে চিৰিং দাম হয় অৰ্থাৎ ফী( ভগৱান) হয়। মানে উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁ দেৱতাৰ শাৰীলৈ উন্নীত হয়। মুখে মুখে প্ৰচলিত আছে যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ পূৰ্বপুৰুষসকল সোণৰ জখলাত উঠি নামি আহিছিল আৰু সোণৰ জখলাত উঠিয়েই স্বৰ্গলৈ যায়, অৰ্থাৎ ন দাম ,ঘাই দাম আৰু চিৰিং দাম যিটো ক্ৰমানুসাৰে গৈ ফী (ভগৱান) হোৱাৰ বিশ্বাস আছে তাকেই সোণৰ জখলাত বগাই যোৱা বুলি কোৱা হয়। ইয়াৰ উপৰিও ঘৰত বিয়া-বাৰু, বিহু আদি উত্সৱত আৰু খেতি চপাই ন-খাওঁতে তাই আহোমসকলে পূর্বপুৰুষসকলক সুঁৱৰি পূজা কৰে। এনে পূজাক “মৃতকক দিয়া পূজা” বুলি কোৱা হয়। জনা মতে এই অনুষ্ঠান ভাগ পোন প্ৰথমে আৰম্ভ কৰিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লেখক দেওধাই-মহন-বাইলুংসকলে। এই পূজা প্ৰতিবছৰৰ ৩১ জানুৱাৰীত পালন কৰা হয়। এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন শৰাই পাতি তেওঁলোকৰ আদি লেংদন দেৱতা প্ৰমুখ্যে আঠজন ফিক উপাসনা কৰে। এই পূজাত ফু-ৰা-তা-ৰা অথবা নিৰাকাৰ ভগৱানক প্ৰার্থনা কৰা হয়। মে-দাম-মে-ফীত প্ৰধানকৈ স্বৰ্গদেউসকলৰ আদিপুৰুষ লেংদনকে ধৰি আঠজন দেৱতাক পূজা আগবঢ়োৱাৰ উপৰিও স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ প্ৰতিও পূজা আগবঢ়োৱা হয়। এই আঠজন দেৱতা হ’ল –
১/খাওখাম ( জলাধিপতি )
২/আই লেং দিন ( পৃথিৱীৰ অধিপতি )
৩/ ফা-নুৰু লেং দন ( উপৰিপুৰুষ বা স্বৰ্গৰ অধিপতি )
৪/ লাংকুৰি (পৰ্বতৰ দেৱতা )
৫/ জান-চাই-হুং ( সৰ্বাধিকৰ্তা বা দেওসকলৰ গুৰু )
৬/ চিত-লাম-চাম ( প্ৰাকৃতিক দুৰ্যোগৰ গৰাকী )
৭/ জাছিংফা (বিদ্যাৰ অধিকাৰী )
৮/ মুট-কুম তাই-কুম ( তাপ-পোহৰৰ অধিকাৰী।
৯/ চাও ফি দাম ( স্বৰ্গদেউ চাওল্যুং চ্যুকাফা )
মে-দাম-মে-ফী যদিও তাই আহোমসকলৰ পূজা, ইয়াত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতা আগবঢ়াব পাৰে। সেই আদৰ্শ স্বয়ং স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই দেখুৱাই গৈছে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমি স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই দেখুওৱা আদৰ্শৰে বৰ অসমৰ ভেঁটি অটুট ৰাখিব পাৰোঁ৷
পংকজ দেওধাই ফুকন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ