অসম লাইভ২৪ঃ জন্মৰ সময়তে আমাৰ শৰীৰত বিভিন্ন চিহ্ন থাকে৷ ইয়াৰ মাজতে অন্যতম হৈছে তিল৷ জ্যোতিষ শাস্ত্ৰ মতে এই তিলসমূহৰ মাধ্যমেৰে আমাৰ ব্যক্তিত্ব প্ৰতিফলিত হয়৷ তিলে আমাৰ ভাল-বেয়া, শুভ-অশুভ সকলো ঘটনাৰ ইংগিত দিয়ে৷ শৰীৰৰ প্ৰতিটো অংশত থকা তিলেই পৃথক পৃথক ইংগিত বহন কৰে৷ প্ৰতিটো অংশত থকা তিলৰেই বিশেষ গুৰুত্ব আছে৷ সমুদ্ৰ শাস্ত্ৰৰ সহায়ত এয়া জানিব পাৰি৷ বিভিন্ন ব্যক্তিৰ শৰীৰৰ তিলৰ আকাৰ, ৰং পৃথক হ’ব পাৰে৷ জ্যোতিষ অনুসৰি শিশুৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ পৰিস্থিতিয়েই তেওঁলোকৰ শৰীৰত এই তিলৰ অৱস্থান নিৰ্ধাৰণ কৰে৷ শৰীৰৰ বিভিন্ন স্থানত থকা তিল সম্পৰ্কে জানি থওক৷
কপালত তিল থাকিলে
১. কপালৰ মাজত তিল থকাৰ অৰ্থ হৈছে ব্যক্তিগৰাকী অত্যন্ত জ্ঞানী আৰু শান্ত স্বভাৱৰ৷ এওঁলোকৰ অত্যন্ত পৰিশ্ৰমী হয়৷ নিজৰ সমস্ত জীৱনধাৰণা সম্পৰ্কে তেওঁলোকৰ স্পষ্ট ধাৰণা থাকে৷
২. কপালৰ সোঁফালে তিল থাকিলে সেই ব্যক্তি প্ৰচুৰ ধন-সম্পত্তিৰ অধিকাৰী হয়৷ এওঁলোকৰ জীৱনত কাহানিও অৰ্থাভাৱে দেখা নিদিয়ে৷
৩. কপালৰ বাওঁফালে তিল থকাটো শুভ নহয়৷ এনে ব্যক্তি স্বাৰ্থপৰ হয়৷ জীৱনত প্ৰচুৰ ক্ষতিও হয় এই ধৰণৰ লোকৰ৷
৪. চকুৰ ঠিক ওপৰৰ অংশৰ কপালত তিল থকা ব্যক্তিয়ে আকস্মিক অৰ্থলাভ কৰিব পাৰে৷
ভুৰুত তিল থকা
১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ ভুৰুৰ মাজত তিল থাকে তেওঁলোকৰ মাজত নেতৃত্বৰ গুণ থাকে৷ এওঁলোকে জীৱনত প্ৰচুৰ নাম অৰ্জন কৰিব পাৰে৷ ইয়াৰোপৰি বহু পৰিমানৰ ধন সম্পত্তিৰ মালিক হয় এনে লোক৷
২. সোফালৰ ভুৰুত তিল থকা ব্যক্তি অত্যন্ত ৰোমাণ্টিক হয়৷ এওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়৷ সুন্দৰ আৰু বুদ্ধিমান সন্তানৰ অভিভাৱক হয় এই জাতক৷
৩. বাওঁফালৰ ভুৰুত তিল থকা ব্যক্তি অত্যন্ত ভীতু হয়৷ এওঁলোকৰ অন্যৰ ওপৰত নিৰ্ভৰশীল হয়৷ পেছাগত জীৱনত প্ৰচুৰ সমস্যৰ মুখত পৰিব পাৰে এই জাতক৷
চকুত তিল থকাৰ অৰ্থ
১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ বাওঁ চকুত তিল থাক তেওঁলোকৰ অত্যন্ত অহংকাৰী স্বভাৱৰ হয়৷ এই জাতকৰ লোক হতাশাত ভূগে৷ ইয়াৰোপৰি স্বাৰ্থপৰ হয় এওঁলোক৷
২. সোঁ চকুত তিল থকাটো শুভ৷ এনে ব্যক্তি সৎ আৰু পৰিশ্ৰমী হয়৷ সকলোৰে বিশ্বাস অৰ্জন কৰিব পাৰে এই ব্যক্তিয়ে৷
নাকত তিল থাকিলে
১. নাকৰ মাজত তিল থাকিলে সেই ব্যক্তিসকল সতৰ্ক হৈ থাকক৷ এইসকল লোকে হঠকাৰী সিদ্ধান্ত ল’ব পাৰে৷ এনে ব্যক্তিয়ে কোনো সিদ্ধন্ত লোৱাৰ পূৰ্বে চিন্তা চৰ্চা কৰে৷
২. নাকৰ সোঁফালে তিল থকা ব্যক্তি অলপ পৰিশ্ৰমতেই প্ৰচুৰ সম্পত্তিৰ মালিক হয়৷ কেৱল সেয়াই নহয় এওঁলোকে বহুপৰিমানৰ পৈতৃক সম্পত্তি থাকে৷
৩. কিন্তু নাকৰ বাওঁফালে তিল থকাটো মুঠেও শুভ নহয়৷ যি ব্যক্তিৰ নাকৰ এই দিশত তিল থাকে তেওঁলোকে জীৱনত প্ৰচুৰ পৰিশ্ৰম কৰিব লগাত পৰে৷
৪. নাকৰ তলত তিল থাকে তেওঁলোক অত্যন্ত ছেনছিটিভ হয়৷ এওঁলোকে সহজেই প্ৰেমত পৰে৷
গালত তিল থকাৰ অৰ্থ
১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি সোঁগালত তিল থকা ব্যক্তি অভাৱত পৰে৷ নিজৰ যুক্তি-বুদ্ধি দি বিচাৰ কৰি সঠিক সিদ্ধান ল’ব পাৰে৷ ভাল অৰ্থ উপাৰ্জন কৰে এই ৰাশিৰ জাতকে৷
২. বাওঁ গালত তিল থকা লোক অসুখী হয়৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থাকে এই জাতক৷ এওঁলোক অন্তৰ্মুখী হয় আৰু নিজৰ বিলাসিতাৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় কৰে৷
কানত তিল থাকিলে
১. কানৰ যিকোনো অংশত তিল থকা ব্যক্তিয়ে বিলাসবহুল জীৱন-যাপন কৰে৷ যি পেছাই বাচি নলওক কিয় এওঁলোকে সাফল্য অৰ্জন কৰিবই৷
২. কানৰ ওপৰত বা তলৰ অংশত তিল থাকিলে বুজিব পাৰি সেই ব্যক্তি অত্যন্ত বুদ্ধিমান৷ এওঁলোকে ভালকৈ চিন্তাভাৱনা কৰি সিদ্ধান্ত লয়৷
ওঁঠত তিল থাকিলে
সমুদ্ৰ শাস্ত্ৰ অনুসৰি ব্যক্তিৰ ওঁঠত তিল থাকে তেওঁলোক খাদ্যৰসিক হয়৷ এওঁলোকৰ অতিৰিক্ত খাদ্য খোৱাৰ প্ৰৱণতা থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ