• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ  হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

2 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

5 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

5 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

6 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

6 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

7 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

8 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

9 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

10 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

10 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

11 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

11 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

editor by editor
May 2, 2024
in জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ  হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সৰুৰে পৰাই অৰ্থৰ অভাৱ কি তেওঁ দেখিছে৷ দুবেলা দুমুঠি যোগান ধৰিব নোৱাৰি হতাশাই কোঙা কৰা পিতৃৰ মুখখনে তেওঁক কম বয়সকে কাম কৰিবলৈ বাধ্য কৰাইছিল৷ কেতিয়াবা যদি চাহ বিক্ৰি কৰিছিল কেতিয়াবা আকৌ টিউছন লৈছিল৷ হাজাৰ বাধা নেওচিও তেওঁ কিন্তু সপোন দেখিবলৈ এৰা নাছিল৷ দুচকুত ভৰ কৰি থকা সপোনবোৰ দিঠক হৈছে৷ দেশৰ আটাইতকৈ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ এতিয়া আইএএছ অফিচাৰ৷ তেওঁ আইএএছ হিমাংশু গুপ্ত৷ উত্তৰাখণ্ডৰ উধমসিং জিলাৰ সিতাৰগঞ্জত জন্ম হিমাংশুৰ৷

পাছলৈ অৱশ্যে তেওঁ সিতাৰগঞ্জ এৰি উত্তৰপ্ৰদেশৰ বৰেলিলৈ যায়৷ অৰ্থৰ অভাৱে কাঢ়ি লৈছিল হিমাংশৰ পখিলা খেদা শৈশৱ৷ অভাৱৰ সৈতে খুব সুন্দৰভাৱে পৰিচিত হিমাংশু৷ পিতৃ পেছাত দিনহাজিৰা কৰা এজন সাধাৰণ মানুহ৷ পিতৃয়ে দিনহাজিৰা কৰা ধনেৰে ঘৰ নচলে যাৰবাবে শৈশৱতেই হিমাংশুৱে ৰাস্তাৰ কাষত খুলি লৈছিল এখন চাহ দোকান৷ সেই দোকানতেই পিতৃৰ সৈতে বহি চাহ বিক্ৰি কৰিছিল হিমাংশুৱে৷ বৰ্তমান হিমাংশুৰ পিতৃ এজন ডাঙৰ দোকানৰ মালিক৷ হিমাংশুৱে যিখন স্কুলত পঢ়াশুনা কৰিছিল সেই স্কুল তেওঁৰ ঘৰৰ পৰা প্ৰায় ৩৫ কিঃমিঃ দূৰত্বত৷

যাতায়াতৰ বাবে ধন খৰচৰ সামৰ্থ্য নথকাৰ বাবে অতি কষ্টেৰে অহা যোৱা কৰিছিল বিদ্যালয়লৈ৷ কেতিয়াবা যদি চাইকেলেৰে কেতিয়াবা কোনো বাহনৰ পাছত ওলমি৷ স্কুলৰ গাণ্ডি তেনেকৈ পাৰ কৰি উচ্চশিক্ষাৰ বাবে দিল্লীলৈ যায় হিমাংশু৷ দিল্লীৰ এখন কলেজৰ পৰা বটানি বা উদ্ভিদবিজ্ঞানত পঢ়াশুনা কৰে৷ কলেজত পঢ়ি থকাৰ সময়ত খৰচ ওলিয়াবলৈ হিমাংশুৱে টিউছনো কৰিছিল৷ অৰ্থৰ বাবে ব্লগ লেখাৰ কামো কৰিছিল হিমাংশুৱে৷ স্নাতক স্তৰৰ পাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জনৰো মন মেলে৷ পৰিবেশবিজ্ঞানত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ পঢ়া সামৰাৰ লগে লগেই এখন কলেজত চাকৰিৰো প্ৰস্তাৱ লাভ কৰে৷ হাতত ধনৰ অভাৱ যাৰবাবে চাকৰিত যোগদান কৰে হিমাংশুৱে৷ কিন্তু মন কেৱল দেশৰ সৰ্ববৃহৎ পৰীক্ষালৈ৷ দেশৰ অন্যতম কঠিন পৰীক্ষা ইউপিএছচি পাছ কৰি আইএএছ হোৱাৰ সপোন দুচকুত৷

চাকৰিত যোগদান কৰাৰ বাবে কছিঙৰ সময়ো নাছিল হিমাংশুৰ হাতত৷ অৰ্থভাৱ তেতিয়াও শেষ হোৱা নাই৷ সেয়ে হিমাংশুৱে সংসাৰৰ যাৱতীয় খৰচ চাকৰিৰ পৰা ওলিয়াই আজৰি সময়ত কঠিন পৰীক্ষাৰ বাবে গোপনে প্ৰস্তুতি চলাই থাকিল৷ প্ৰথমবাৰ ইউপিএছ়ি পৰীক্ষা দি পাছ কৰিলেও মন পছন্দৰ চাকৰি নাপালে৷ যাৰবাবে ২০১৯ ত আকৌ পৰীক্ষাত অৱতীৰ্ণ হয়৷ ১৮ ৰ পৰীক্ষাত পাছ কৰি তেওঁ ইণ্ডিয়ান ৰেলৱেৰ ট্ৰেফিক চাৰ্ভিছত চাকৰি লাভ কৰিছিল৷ কিন্তু সেই চাকৰি তেওঁৰ পছন্দ নহ’ল৷ হিমাংশুৱে নিজকে আই এ এছ পদতহে দেখিব খোজে৷ আকৌ আৰম্ভ অনুশীলন৷ ২০১৯ৰ পাছত ২০২০ ত আকৌ পৰীক্ষাত বহে৷ ২০ত তেওঁ আই এ এছ পদত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ হিমাংশুৰ সংগ্ৰামৰ কাহিনী তেওঁ নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে৷ তেওঁৰ জীৱন সংগ্ৰামে আইএএছ হ’ব খোজা বহুজনৰ বাবেই হৈ উঠিছে প্ৰেৰণাৰ উৎস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

May 24, 2026
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!
ক্ৰীড়া

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

May 24, 2026
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন
বিশ্ব

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

May 24, 2026
Next Post
কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.