অসম লাইভ২৪ঃ গা বেয়া লাগিলেই আমি চিকিৎসকৰ কাষ চপাৰ আগতে বহুতে ঔষধ খাওঁ। গুৰুতৰ অসুখ হ’লে প্ৰায়সংখ্যকেই দোকানৰ পৰাই ঔষধ ক্ৰয় কৰাটো পুৰণি স্বভাৱেই। জৰুৰীকালিনভাৱে প্ৰয়োজন হোৱা বহু ঔষধেই আমি ঘৰত মজুত ৰাখো। পেৰাছিটামলৰ পৰা এমক্সিলিন প্ৰায় প্ৰত্যেকৰে ঘৰতেই এই ঔষধসমূহ থাকেই।
১ এপ্ৰিলৰ পৰা এই সমূহ ঔষধৰ দাম বাঢ়িল। পূৰ্বৰ তুলনাত প্ৰায় ১২ শতাংশ বৃদ্ধি হৈছে ঔষধৰ দাম। নেশ্ব্যনেল ফাৰ্মাছিউটিকেল প্ৰাইছিং অথৰিটি চমুকৈ এনপিপিয়ে প্ৰকাশ কৰা অনুসৰি প্ৰায় ১২.১২ শতাংশলৈ বৃদ্ধি হ’ব ঔষধৰ দাম। প্ৰায় ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি হ’ব। এই তালিকাত আছে, হেলোথেন, আইছ’ফ্লুৰেন, কেটামাইন, নাইট্ৰাছ অক্সাইড। ইয়াৰোপৰি তালিকাত আছে আইবুপ্ৰোফেন, ডাইক্লোফেনাক, মেফোনমিক এছিড, বেনজিলপেনিছিলিন, পেৰাছিটামল, মৰফিন, ইয়াৰোপৰি যক্ষ্মা ৰোগীৰ ঔষধ, এইছআইভিৰ চিকিৎসাত ব্যৱহৃত ঔষধ, চৰ্মৰোগত ব্যৱহৃত ঔষধ, মেলেৰিয়া চিকিৎসাত ব্যৱহৃত ঔষধ ৰ দামো বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ