অসম লাইভ২৪ঃ আইপিএলৰ প্ৰথমখন মেচতেই ধোনীবাহিনীৰ পৰাজয়। প্ৰথম দিনাৰ খেলত চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটান্স মুখামুখি হৈছিল। গুজৰাট টাইটান্স দলটোক নেতৃত্ব দিছিল হাৰ্দিক পাণ্ডিয়াই। খেলখনত ধোনীবাহিনীয়ে ১৭৯ ৰানত পৰাস্ত হয়। ধোনাবাহিনীৰ পৰাজয়ৰ পাছতেই বহু অনুৰাগী হতাশো হৈছে, কিয়নো প্ৰিয় খেলুৱৈ মাহীক আৰু আগন্তুক আইপিএলত হয়তো দেখা নাযাব। এয়াই হয়তো তেওঁৰ শেষৰখন আইপিএল।
ধোনীবাহিনীৰ পৰাজয়ৰ ৫টা কাৰণ বিচাৰি উলিয়াইছে ক্ৰিকেট সমালোচকে। কিয় শিষ্যৰ হাততেই পৰাজয়বৰণ কৰিলে গুৰুৱে তাৰ মুখ্য ৫টা কাৰণ হৈছে-
১) প্রথমে বেট ধৰি ৰুতুৰাজ গায়কোৱাডে খেলখন ভালধৰণেই আগুৱাই নিছিল। কিন্তু মাজৰ অভাৰত ৰানৰ গতি হঠাতে কমি যায়। ফলত ১৫ ৰান কমি যায় ধোনীবাহিনীৰ।
২) দলটোত থকা তিনিগৰাকী বিদেশী ক্ৰিকেটাৰেই ভাল পাৰফৰ্মেন্স দিব নোৱাৰিলে। অপেনাৰ ডেভন কনৱেই মাত্ৰ ১ ৰান কৰিয়েই পেভিলিয়নলৈ উভতে। মইনেও মাত্ৰ ২৩ ৰান কৰিয়েই খেলপথাৰ ত্যাগ কৰে। বেন ষ্ট্ৰোকেই মাত্ৰ ৭ ৰান কৰিয়েই আউট হয়। বিদেশী তিনিওগৰাকী ক্ৰিকেটাৰ ব্যৰ্থ হোৱাতেই সমস্যাত পৰে চেন্নাই চুপাৰকিংছ দলটো।
৩) খেলুৱৈ নিৰ্বাচনটো ভুল কৰি পেলাইছিল চেন্নাই চুপাৰকিংছে। অম্বাতি ৰায়ডুৰ পৰিবৰ্তে তুষাৰ দেশপাণ্ডেক নমায়েই ভুল কৰে ধোনীবাহিনীয়ে। তুষাৰে ৩২ অভাৰত ৫১ দিবলৈ সক্ষম হয়। তাৰপাছতেই মেছখন হাৰি যায় চেন্নাই চুপাৰকিংছে।
৪) নো বল, ৱাইড বল কৰিয়েই দলটো পৰাজয়ৰ দিশে আগবাঢ়ে।
৫) চেন্নাই চুপাৰ কিংছে ইনিংছৰ হৈ শেষৰফালে শিবম দুবে, ৰবীন্দ্ৰ জাদেজাইয়ো ভাল খেল দেখুওৱাব নোৱাৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ