প্ৰেম কৰি বিয়া, আছে এগৰাকী কন্যাসন্তানো৷ দম্পতিৰ সুখী জীৱনত হঠাতেই ফাট মেলিল৷ ধৰা পৰিল পত্নীৰ পৰকীয়া৷ প্ৰেম স্বামীৰ বন্ধুৰ সৈতেই৷ যাৰ ফলত স্বামীৰ সেই বন্ধুৰ সৈতে মিলি পত্নীয়ে অনায়াসে শেষ কৰিলে স্বামীৰ জীৱন৷ স্বামীক হত্যা কৰি ১৫ টুকুৰা কৰিলে পত্নীয়ে৷ তাৰপাছতেই সেই দেহাংশ এটা ড্ৰামত ভৰাই চিমেণ্টেৰে টিল কৰি প্ৰেমিকক লৈ মানালি ফুৰিবলৈ ওলায় যায়৷
উত্তৰ প্ৰদেশৰ মিৰাটত এই ঘটনা৷ মিৰাটৰ এই ঘটনাৰ সবিশেষ তথ্য ওলিয়াইছে আৰক্ষীয়ে৷ ইতিমধ্যে পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ পেছাত মাৰ্চেণ্ট নেভিৰ অফিচাৰ সেই মৃত ব্যক্তিৰ নাম সৌৰভ ৰাজপুত৷ তেওঁৰ ঘাতক পত্নীৰ নাম মুছকান ৰাস্তোগি আৰু হত্যাত লগ দিয়া পত্নীৰ প্ৰেমিকৰ নাম সাহিল শুক্লা বুলি জনাইছে আৰক্ষী সূত্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ