সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা ৰাজেশে গাড়ী চলাই পেট ভৰালেও এখন নিজা ঘৰ নিৰ্মাণৰ সপোন পূৰ্বে কেতিয়াও ভাৱিবই পৰা নাছিল। ইউটিউবে তেওঁৰ সেই সপোনো পূৰণ কৰিলে। ব্লগৰ পৰা লাভ কৰা ধনেৰে তেওঁ নিৰ্মাণ কৰিছে ঘৰ। তেওঁ এক সাক্ষাৎকাৰত জনাইছে যে মাহত ২৫ৰ পৰা ৩০ হাজাৰ টকা তেওঁ ট্ৰাক চলাই উপাৰ্জন কৰি আহিছে। কিন্তু ইউটিউবৰ পৰা তেওঁৰ আয় এই আয়তকৈ ৫গুণ বেছি। তেওঁ প্ৰতিমানে ইউটিউবৰ পৰা আয় কৰে ২ৰ পৰা ৩ লাখ টকা। সৰ্বোচ্চ ৫লাখ টকা উপাৰ্জনো কৰিছে।
প্ৰথমে তেওঁ ভিডিঅত নিজৰ মুখ দেখুওৱা নাছিল। কেৱল ভয়েছঅভাৰ দি আপলোড কৰিছিল। তেতিয়া ভিউ বেছি নাছিল। পাছলৈ তেওঁ নিজৰ মুখো ভিডিঅত দেখুৱাবলৈ আৰম্ভ কৰে। এতিয়া তেওঁৰ ভিডিঅৰ ভিউ বহু বেছি। এই যাৱতীয় কৃতিত্বৰ ভাগ সন্তানকেই দিছে ৰাজেশে। কাৰণ তেওঁৰ সন্তানকেইটাই এই ভিডিঅসমূহ এডিটিং কৰি আপলোড কৰে। তেওঁতকৈ সন্তানেই ইউটিউবৰ বিষয়ে ভালকৈ জানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ