অসম লাইভ২৪ঃ দুৰ্গাপূজাৰ সময়ত বুধাদিত্য যোগ তৈয়াৰ কৰিছে বুধ আৰু সূৰ্যই। বৰ্তমান এই দুই গ্ৰহেই কন্যা ৰাশিত গোচৰ কৰিছে। জ্যোতিষ গণনা অনুসৰি ১৮ অক্টোবৰত কন্যা ৰাশিৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। ১৯ অক্টোবৰত তুলা ৰাশিত বুধে গোচৰ তৰিব। এই ৰাশিত দুই গ্ৰহৰ উপস্থিতিৰ কাৰণে অতি শুভ বুধাদিত্য যোগ তৈয়াৰ হৈছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই যোগৰ ফলত একাধিক ৰাশিৰ উন্নতি হ’ব। ইয়াৰোপৰি জীৱনলৈ সুখ আৰু স্বাচ্ছন্দ্য আহিব। দুৰ্গাপূজাৰ সময়ত সু সময় কটাব কেইটামান ৰাশিৰ জাতকে। ১৯ অক্টোবৰৰ পৰা বুধাদিত্য যোগত কি কি ৰাশিৰ বাবে শুভ সময়ৰ সূচনা হ’ব?
কন্যা ৰাশি
জ্যোতিষ গণনা অনুসৰি তুলা সৃষ্ট বুধাদিত্য যোগ কন্যা ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। দূৰ্গাৰ আশীৰ্বাদত এই সময়ত কন্যা ৰাশিৰ জাতকৰ হাতলৈ ধনৰ আগমন হ’ব। অৰ্থলাভপ ফলত আয় বৃদ্ধি হ’ব। ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ। কোনো বিশেষ কাম হাতত ল’লে সুফল পাব।
ধনু ৰাশি
ধনু ৰাশিৰ জাতকসকলৰ বাবে বুধাদিত্য যোগ অনুকূল প্ৰমাণিত হ’ব। দুৰ্গা পূজাৰ সময়ৰ পৰা এই ৰাশিৰ জাতকৰ আমদানী বৃদ্ধি পাব। ফলত অৰ্থ সঞ্চয় কৰিব পাৰিব ধনু ৰাশিৰ জাতকে। স্বাস্থ্যজনিত সমস্যা আঁতৰিব। এই সময়ত আপুনি পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব। ধনু ৰাশিৰ ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ। নতুন কিছু পৰিকল্পনা হাতত ল’ব পাৰে। সাফল্য লাভ কৰাৰো যোগ আছে।
মকৰ ৰাশি
জ্যোতিষ অনুযায়ী মকৰ ৰাশিৰ জাতকৰ বাবে বুধাদিত্য যোগ অত্যন্ত লাভজনক। এই সময়ত নিজৰ সমস্ত কাম ভালধৰণে সম্পন্ন কৰিব পাৰিব এই ৰাশিৰ জাতকে। চাকৰিয়ালসকলৰ বাবেও এই সময় ভাল সময়। কাৰণ চাকৰিত উন্নতিৰ যোগ আছে। ব্যৱসায়ীসকলে অৰ্থ লাভ কৰিব। ব্যৱসায়ত উন্নতিৰ পথ প্ৰশস্ত হ’ব। ৰোজগাৰ বৃদ্ধি হ’ব মকৰ ৰাশিৰ জাতকৰ। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি জীৱনত উন্নতিৰ একাধিক সুযোগ আহিব এই ৰাশিৰ জাতকৰ হাতলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ