আয়াতুল্লা খামেইনীৰ শেষ বিদায়। খামেইনীৰ জানাজাত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিয়ে। খামেইনীক বিদায় দিবলৈ ইমাম খোমেইনী গ্ৰেণ্ড মোছালা কমপ্লেক্সত হাজাৰ হাজাৰ লোকে ভিৰ কৰে। এই বৃহৎ জনসমাগমৰ মাজতে দেখা গ’ল এক হৃদয় বিদাৰক দৃশ্য। যি দৃশ্যই সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি কাঢ়িছে। যুদ্ধ কি তাৰ বিষয়ে বুজি নোপোৱাকৈয়ে চিৰ বিদায় মাগিলে কণমানিজনীয়ে।
খামেনেইনীৰ কফিনৰ ঠিক কাষতে আছিল এটা সৰু কফিন, যাৰ ওজন প্ৰায় ১০ কিলোগ্ৰাম। এই কফিন কোনো সৈনিক বা কোনো বিশিষ্ট ৰাজনৈতিক নেতাৰ নহয়, তেওঁৰ ১৪ মহীয়া নাতিনীয়েক জাহৰা মহম্মদী গোলপায়েগনিৰ আছিল। সৰু কফিনটোৰ ওজন কম আছিল যদিও কোনোৱে চাব পৰা নাছিল। বহুতে নিৰৱ হৈ ওচৰতে থিয় থাকিল, আন কিছুমানে হুকহুকাই কান্দিলে। ৰাইজে আমেৰিকাৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰে।
১৪ মহীয়া জাহৰাক কোনে হত্যা কৰিলে?
ইৰাণৰ সংবাদ মাধ্যমৰ মতে, ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ যৌথ বিমান আক্ৰমণত তেওঁৰ সৈতে আলী খামেনেইৰ পৰিয়ালৰ কেইবাজনো সদস্য নিহত হৈছিল। এই সদস্যসকলৰ ভিতৰত এগৰাকী আছিল তেওঁৰ নাতিনীয়েক জাহৰা। শিশুটিৰ কফিনত ইৰাণৰ পতাকা মেৰিয়াই থোৱা আছিল, তাৰ কাষত কণমানিজনীৰ ফটো এখনো ৰখা হৈছিল। শ্ৰদ্ধাঞ্জলি জনাবলৈ অহাসকলে এই দৃশ্য় দেখি অলপ সময় থমকি ৰয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত খামেনেইনীৰ পৰিয়ালৰ আন সদস্যসকলকো সম্বৰ্ধনা জনোৱা হয়। জোঁৱাই, জ্যেষ্ঠ কন্যা আৰু ইৰাণৰ নতুন সৰ্বোচ্চ নেতা আয়াতুল্লাহ মোজতাবা খামেনেইৰ পত্নীৰ কফিনবোৰো ওচৰতে ৰখা হৈছিল। সমগ্ৰ কমপ্লেক্সটোত শোকৰ পৰিৱেশ বিৰাজ কৰিছিল।
শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা নেতাসকলে চকুলো টুকিলে
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানেও আৱেগিক হৈ পৰে আৰু স্মৃতিচাৰণ সভাত চকুলো টুকিলে। সংসদৰ অধ্যক্ষ মহম্মদ বাকৰ গালিবাফ, জ্যেষ্ঠ সামৰিক বিষয়া, ধৰ্মগুৰু, আৰু বিভিন্ন দেশৰ প্ৰতিনিধিয়েও খামেনেইনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইৰাণত কেইবাদিনো চলিব এই অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা। ৫ জুলাইৰ পৰা ৭ জুলাইলৈ তেহৰান আৰু ক’মত ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ৯ জুলাইত তেওঁৰ জন্ম চহৰ মাছহাদত সমাধিস্থ কৰা হ’ব খামেনেনী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















