অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ এনে দিন কাহানিও কোনো পৰিয়াললৈ নাহক৷ বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯য়ে দেশে দেশে উদ্ভৱ কৰিছে অভাৱনীয় পৰিস্থিতিৰ৷ আনকি নিজ পৰিয়ালৰ কোনো সদস্য ক’ভিড-১৯ত মৃত্যু হ’লে বা তেনে সন্দেহ জাগ্ৰত হ’লে সেই মৃতদেহ চুবলৈয়ে শংকিত হৈছে খোদ পৰিয়ালৰ লোকে৷ উত্তৰপ্ৰদেশত এনে এটা মৰ্মান্তিক দৃশ্যই বহুতৰে হৃদয় মোচৰ খোৱাইছে৷ উল্লেখ্য যে ৩৫ বছৰীয়া এজন শ্ৰমিকৰ শনিবাৰে দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি ঘটে৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ প্ৰয়াগৰাজৰ এছ আৰ এন হাস্পতাললৈ লৈ যায়৷ কিন্তু হাস্পতালৰ পৰা উভতি অহাৰ পথতেই মৃত্যু ঘটে শ্ৰমিকজনৰ৷ মৃত্যুৰ পাছতেই হাহাকাৰ লাগে হাস্পতাললৈ লৈ যোৱা পৰিয়ালৰ আন সদস্যসকলৰ৷ ভয়তে শ্ৰমিকজনৰ মৃতদেহটো পথতে পেলাই পলায়ন কৰে৷ পৰিয়ালৰ লোকসকলৰ এনে নির্দয়তাত হতভম্ব স্থানীয় লোকে আৰক্ষী আৰু স্বাস্থ্যকর্মীক খবৰ দিয়ে৷ অৱশেষত প্ৰশাসনৰ হেঁচাত শেষকৃত কৰিবলৈ বাধ্য হয় মৃত শ্ৰমিকজনৰ পৰিয়াল-আত্মীয়ই৷ ৰাণীগঞ্জৰ ডিচিপি অতুল অঞ্জন ত্ৰিপাঠীয়ে সংবাদ মাধ্যমত জনোৱা মতে, কিছুদিন পূৰ্বে বহিঃৰাজ্যৰ পৰা স্ব-গৃহলৈ উভতিছিল শ্ৰমিকজন৷ থার্মাল স্ক্ৰীণিং আৰু স্বাস্থ্য পৰীক্ষাৰ পাছত স্ব-গৃহত ২১ দিনৰ কোৱাৰেণ্টাইনত আছিল৷ কিন্তু শ্বাস-প্ৰশ্বাসত কষ্ট আৰু হৃদযন্ত্ৰৰ কিছু সমস্যাত ভোগাত শ্ৰমিকজনক স্থানীয় হাস্পতাললৈ নি স্বাস্থ্য পৰীক্ষা কৰে৷ হাস্পতালৰ পৰা উভতি অহাৰ পথতেই শ্ৰমিকজনৰ মৃত্যু ঘটে৷ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ কৰি পৰিয়ালৰ লোকেই মৃতদেহটো পথত পেলাই পলায়ন কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ