লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধ*ৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন পূজাৰীৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত পূজাৰীজনক আটক কৰিছে। দুটি সন্তানৰ পিতৃ অভিযুক্ত পূজাৰীজনৰ নাম লক্ষণ ভট্টাচাৰ্য। জানিব পৰা মতে, ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে এই ঘটনাক লৈ লামডিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত অভিযুক্ত পূজাৰীজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।

পৰিয়ালৰ অভিযোগ অনুসৰি, ৰাখী পূৰ্ণিমাৰ দিনা এই ঘটনা সংঘটিত হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত লক্ষণৰ বিৰুদ্ধে লামডিং আৰক্ষী থানাত ১৫৫/২০২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তজনৰ বিৰুদ্ধে BNSৰ ৬৫(১), ৬৪(২)(F), ৬৪(২)(M) আৰু ৪৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত লক্ষণ ভট্টাচাৰ্যক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰায়। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়। ইফালে, সমগ্ৰ ঘটনাক লৈ লামডিঙত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। বৰ্তমানেও ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে লামডিং আৰক্ষীয়ে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ অধিক তথ্য স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















