ৰক্ষকে ভক্ষকেই! এগৰাকী আৰক্ষী কনিষ্টবলে বন্ধুসহ এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দুদিন পূৰ্বে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ ভিডিঅ’ ফুটেজ ভাইৰেল হৈ পৰাৰ পিছতে আলিগড়ৰ উক্ত জঘন্য কাণ্ডটো পোহৰলৈ আহিছে৷ অভিযুক্ত আৰক্ষী কনিষ্টবল গৰাকী লখেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি যোৱা মাহত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিৰে লখেন্দ্ৰই ১৭ বছৰীয়া কিশোৰীগৰাকীক গাঁৱৰ বাহিৰলৈ লৈ গৈছিল৷ কিশোৰীগৰাকীয়ে অভিযোগ কৰা মতে তেতিয়াই লখেন্দ্ৰ আৰু তেওঁৰ বন্ধুৱে এই জঘন্য কাণ্ড সংঘটিত কৰি কেমেৰাত ৰেকৰ্ডিং কৰে৷
লগতে পঢ়ক বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা
ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে লখেন্দ্ৰ সিঙ আৰু তেওঁ বন্ধুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ বুধবাৰে উক্ত এজাহাৰৰ ভিত্তিতে ২৪ বছৰীয়া কনিষ্টবল আৰু তেওঁ বন্ধুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ দুই অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু POCSO আইন আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে পিএচিৰ ২৮ বেটেলিয়নৰ কনিষ্টবল লখেন্দ্ৰ সিং আৰু তেওঁৰ বন্ধুক কান্নৌজৰ পৰা গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই আৰু আদালতে দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷
লগতে পঢ়ক অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ
আৰক্ষীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি অভিযুক্তদ্বয়ে কিশোৰীগৰাকীক মৃত্যুৰ ভাবুকি দিয়াৰ বাবে ঘটনাটো কাৰো আগত প্ৰকাশ কৰা নাছিল৷ ঘটনাটো মাতৃক অৱগত কৰিলে ৰেকৰ্ডিং কৰা ভিডিঅ’টো ভাইৰেল কৰাৰো ভাবুকি দিছিল৷
কিন্তু ইয়াৰ পিছতে দুই অভিযুক্তই ভিডিঅ’টো ভাইৰেল কৰে আৰু ইয়াৰৰ পিছতে কিশোৰীগৰাকীৰ মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ এতিয়া প্ৰশ্ন উদয় হৈছে ৰক্ষকৰ হাততেই যদি নাৰী সুৰক্ষিত নহয় কাৰ ওপৰত সুৰক্ষাৰ বাবে হাত পাতিব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ