অসম লাইভ২৪ঃ ২৬ বছৰৰ তলৰ প্ৰতিজন যুৱকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ’ব কণ্ডম৷ নতুন বছৰৰ প্ৰথমটো পদক্ষেপ হিচাৰে দেশখনৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে বিশেষ আঁচনিৰ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ঘোষণা কৰা অনুসৰি ফ্ৰান্সত ভয়াৱহ হাৰত বৃদ্ধি পাইছে এইছআইভি সংক্ৰমণৰ ঘটনা৷ ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰৰ প্ৰতিগৰাকী যুৱককেই ফ্ৰান্স চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিব কণ্ডম৷
যুৱতী মহিলাকলৈও বিশেষ ঘোষণা কৰিছে ফ্ৰান্সৰ চৰকাৰে৷ ১ জানুৱাৰীৰ পৰা ফ্ৰান্সৰ সকলো মহিলাই চিকিৎসকৰ পৰামৰ্শ অবিহনেই ল’ব পাৰিব গৰ্ভনিৰোধক বড়ি৷ ২৬ বছৰৰ তলৰ ফ্ৰান্সৰ প্ৰত্যেকগৰাকী নাৰীয়েই পূৰ্বেও চিকিৎসকৰ পৰামৰ্শ অবিহনেই ক্ৰয় কৰিব পাৰিছিল গৰ্ভনিৰোধক বড়ি৷ এতিয়াৰে পৰা সকলো বয়সৰ মহিলাই চিকিৎসকৰ পৰামৰ্শ অবিহনেই ক্ৰয় কৰিব পাৰিব গৰ্ভনিৰোধক বড়ি৷
কিয় এনে সিদ্ধান্ত লৈছে ফ্ৰান্স চৰকাৰে বুলি বহুতেই প্রশ্ন উত্থাপন কৰাৰ মাজতেই ফ্ৰান্সৰ এক মিডিয়া ৰিপৰ্ট অনুসৰি ২০২০-২০২১ বৰ্ষত ফ্ৰান্সত যৌনৰোগ বৃদ্ধি পাইছে৷ এবছৰতেই ৩০% লৈ বৃদ্ধি হৈছে এনেধৰণত ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা৷ ৰাষ্ট্ৰপতি মেক্ৰ’নে এই সন্দৰ্ভত দিয়া মন্তব্যত কয় যে দেশৰ যুৱপ্ৰজন্ম পংগু হৈছে ইয়াৰ পৰা ৰক্ষা পাবলৈকে ফ্ৰান্সৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ