৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য
আজি ২১ জানুৱাৰী তাৰিখে মহাকাশকত হ’বলৈ গৈ আছে এক বিৰল মহাজাগতিক ঘটনা। ৩৯৬ বছৰৰ পাছত আকাশত দেখিবলৈ পাব অদ্ভুত দৃশ্য। এই দুৰ্লভ দৃশ্য আজিৰে পৰা এমাহতকৈয়ো অধিক সময় মহাকাশত দেখা পোৱা যাব।
মুঠ ৬ টাকৈ গ্ৰহই আজিৰে পৰা একেটা স্থানতে অৱস্থান কৰিব। ইয়াৰ পেৰেড অৱ প্লেনেট বুলি কোৱা হয়। পৃথিৱীৰ পৰা সহজে দেখা পোৱা যাব এই পৰিঘটনা।
মংগল, শুক্ৰ, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন গ্ৰহ আজিৰে পৰা একেডাল সৰলৰেখাত অৱস্থান কৰিব। ৮ মাৰ্চলৈকে প্ৰতি নিশা আকাশত দেখা যাব এই সুন্দৰ দৃশ্য। অহা ১৫ ফেব্ৰুৱাৰীৰ পিছত এই একে শাৰীতে যোগ দিব বুধ গ্ৰহও , যাৰ ফলত মুঠ ৭ টা গ্ৰহ এই পেৰেড অৱ প্লেনেটৰ অংশ হৈ পৰিব।
অৱশ্যে খালি চকুৰে এই কেউটা গ্ৰহ দেখা পোৱা নাযাব। ইয়াৰে কেৱল ৪ টা গ্ৰহহে দেখা পোৱা যাব। নেপছুন আৰু ইউৰেনাছ আকাৰত সৰু হোৱা বাবে আৰু পৃথিৱীৰ পৰা অধিক দূৰত থকাৰ বাবে এই দুটা গ্ৰহ চাবলৈ টেলিস্কোপৰ প্ৰয়োজন হব।
নিযা ৮.৩০ বজাৰ পাছৰ পৰা সুৰ্য উদয় হোৱালৈ আকাশত দেখা পাব এই দৃশ্য। অৱশ্যে সকলো ঠাইৰ পৰা এই বিৰল দৃশ্য দেখা নাপাবও পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















