অসম লাইভ ২৪ঃ উপদেশ নহয় আৰ্হি; চিকিৎসালয়ৰ মজিয়া চাফাই মিজোৰামৰ মন্ত্ৰীৰ। মিজোৰামৰ শক্তিমন্ত্ৰী আৰ লালজীৰলিয়ানা। উত্তৰ-পূবৰে এখন ৰাজ্যৰ এইগৰাকী মন্ত্ৰীয়ে দেশবাসীৰ প্ৰশংসা আৰু দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। বেলেগৰ কথা নকওঁয়েই… এইখন অসম মুলুকৰে জনপ্ৰতিনিধিসকলে উপদেশ দি নিজেই পাহৰে পালন কৰিবলৈ। সমাজত আৰ্হি দেখুৱাটো দূৰেৰেই কথা। কিন্তু আমাৰে এখন চুবুৰীয়া ৰাজ্য মিজোৰামৰ জনপ্ৰতিনিধিসকলে এই সংকটৰ সময়ত উপদেশৰ সমানে সমাজত তুলি ধৰিছে আৰ্হি। মিজোৰামৰ শক্তিমন্ত্ৰী আৰ লালজীৰলিয়ানাই যোৱা ১৯ মে’ত কোভিড ১৯ত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতে ভৰ্তি হৈছিল চিকিৎসালয়ত। আৰু এতিয়া তেওঁ যিটো কোভিড ৱাৰ্ডত ভৰ্তি হৈ আছিল সেই কোভিড ৱাৰ্ডটোৰ পৰাই আহিছে এখন ফটো। ফটোখন ব্যাপক ৰূপত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ফটোখনত মন্ত্ৰীগৰাকী ব্যস্ত হৈ থকা দেখা গৈছে মজিয়া চাফাই কৰাত। ফটোখন ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে প্ৰশংসাৰে ওপচাই পেলাইছে মন্ত্ৰীগৰাকীক। ৭১ বছৰীয়া লালজীৰলিয়ানাৰ লগতে একেটা কোভিড ৱাৰ্ডতে ভৰ্তি হৈ আছে তেখেতৰ পত্নীও। প্ৰথমতে দুয়ো হোম আইচ’লেচনত আছিল। আৰু পাছত লালজীৰলিয়ানাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি অহাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। ফটোখন ভাইৰেল হৈ পৰাৰ পাছতে ফটোখনক লৈ ব্যাপক চৰ্চা হোৱাত লালজীৰলিয়ানাই সংবাদ মাধ্যমৰ আগত ক’লে- ‘আমি যিটো কোভিড ৱাৰ্ডত আছো, সেই কোভিড ৱাৰ্ডটো লেটেৰা হৈ গৈছে। মই চাফাই কৰ্মীক ফোন কৰি মাতিলো, কিন্তু অহাত যথেষ্ট পলম কৰিছিল। সেইবাবে মই অপেক্ষাৰ সলনি নিজেই কিছু যোগাৰ কৰি চাফ-চিকুণ কৰিবলৈ লাগিলো। মোৰ এই কামেৰে চিকিৎসালয়-প্ৰশাসনৰ ব্যৰ্থতা দেখুওৱাৰ উদ্দেশ্য নাছিল। কিয়নো এয়া এক সামান্য কাম, যি কাম মই ঘৰত প্ৰায়েই কৰো। সেইকাৰণে ইয়াতো কৰি দিলো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ