• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ

মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ

4 years ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

12 minutes ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

55 minutes ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

1 hour ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

2 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

20 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

21 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

21 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

22 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

22 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

23 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

23 hours ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ

editor by editor
August 31, 2021
in ৰাজনীতি
0
মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ব্যাপক জল্পনা-কল্পনাৰ অৱসান ঘটাই অসম প্ৰদেশ কমিটীৰ নীতি-নিৰ্ধাৰণ কমিটীয়ে গ্ৰহণ কৰিলে aiudfক মহাজোঁটৰ পৰা বাহিৰ কৰাৰ সিদ্ধান্ত৷ অচিৰেই aiccলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিব apccয়ে৷ প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক শক্তি বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল মহাজোঁট৷ মহাজোঁটত আছিল কংগ্ৰেছ, aiudf, bpf, বাঁও শিবিৰ, ৰাষ্ট্ৰীয় জনতা দল আৰু আঞ্চলিক গণমৰ্চা৷ কিন্তু কংগ্ৰেছে অনুভৱ কৰিছে যে ধৰ্মীয় মেৰুকৰণ ৰোধ কৰিবলৈ গঠন কৰা মহাজোঁটত aiudfক অন্তৰ্ভুক্ত কৰাৰ বাবে বিজেপি ধৰ্মীয় মেৰুকৰণত সফলহে হ’ল৷ আনহাতে, aiudfৰ একাংশ নেতাৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰপ্ৰীতিত বিতুষ্ট কংগ্ৰেছ৷ ইপিনে, apcc-এ মহাজোঁট ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ধুবুৰীত aiudfৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সদৰী কৰিছিল যে মহাজোঁটৰ প্ৰয়োজনীয়তা আছিল, কিন্তু যদি ভংগ হয় তাক লৈ চিন্তিত নহয় aiudf৷ উপ নিৰ্বাচনত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব aiudf-এ৷ মহাজোঁটৰ পৰা যে কেৱল aiudf-এ আঁতৰিব এনে নহয়, cpi(m)য়েও প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য৷ ‘cpi(m) মহাজোঁটৰ দল নহয়, মহাজোঁটত cpi(m)-এ আসন বুজাবুজিহে কৰিছিল’— সংবাদমেলত সদৰী চিপিআই(এম) নেতৃত্বৰ৷ যদি কথাবোৰ এনে হয় তেনেহ’লে মহাজোঁট প্ৰায় ভংগৰ পথত আৰু এই ক্ষেত্ৰত সফল হ’ল বিজেপি চৰকাৰৰ কূট-কৌশল৷ মহাজোঁট ভাঙিবলৈ বিজেপিয়ে অখিল গগৈক ব্যৱহাৰ কৰাৰ অভিযোগ aiudfৰ সাধাৰণ সম্পাদকগৰাকীৰ৷ কথাবোৰ কিন্তু কেৱল যে মহাজোঁটতে সীমাবদ্ধ হৈ থাকিব এনেও নহয়৷ ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তনৰ দিশে৷ মিত্ৰ শত্ৰু হ’ব, শত্ৰু মিত্ৰ হ’ব৷ আনফালে btrতো বলিছে পৰিৱৰ্তনৰ বা৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ পৰা বাহিৰ হৈ মহাজোঁটৰ অংশীদাৰ হৈছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন bpf৷ আনহাতে, bpfতকৈ কম আসন পালেও upplৰ নেতৃত্বত নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ সমৰ্থনত btcত হৈছিল upplৰ চৰকাৰ৷ প্ৰমোদ বড়ো হৈছিল btcৰ cem৷ কিন্তু ক্ষমতাহীন অৱস্থাই আমুৱাইছে হাগ্ৰামা মহিলাৰীক৷ মুখ্যমন্ত্ৰী, বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হাগ্ৰামা মহিলাৰী৷ দৰাচলতে হাগ্ৰামা মহিলাৰীয়ে নিজেই কৈছিল যে তেওঁৰ এটাই ফৰ্মূলা চৰকাৰ য’ত তেওঁ ত’ত৷ সেইবাবে পুনৰ বিজেপিৰ ওচৰ চাপিবলৈ হাগ্ৰামাই চলাইছে আপ্ৰাণ চেষ্টা৷ হাগ্ৰামাই বিজেপিৰ ওচৰ চপাত দুৰু দুৰু বুকু কঁপিছে upplৰ প্ৰমোদ বড়োৰ৷ কেতিয়া চকী লৰে, কেতিয়া কি হয় কোনো নিশ্চয়তা নাই৷ আনহাতে, গণ সুৰক্ষা পাৰ্টী-কংগ্ৰেছৰ মাজতো আলোচনা৷ আলোচনা হৈছে নৱ কুমাৰ শৰণীয়া, ভূপেন বৰাৰ৷ নৱ কুমাৰ শৰণীয়াই বিজেপি-upplৰ সংগ ত্যাগ কৰি কংগ্ৰেছৰ হাতত হাত মিলোৱাৰ সম্ভাৱনাও প্ৰকট হৈ উঠিছে৷ আনহাতে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা গৈছে অখিল গগৈৰ কুচ-কাৱাজ৷ ‘ফেডাৰেল ফ্ৰণ্ট’ত অংশগ্ৰহণ কৰিছে ৰাইজৰ দলে৷  ‘ফেডাৰেল ফ্ৰণ্ট’ আঞ্চলিক দলসমূহৰ এখন উমৈহতীয়া মঞ্চ৷ নেতৃত্বত তৃণমূল কংগ্ৰেছ প্রধান মমতা বেনাৰ্জী৷ ‘ফেডাৰেল ফ্ৰণ্ট’ৰ লক্ষ্য এটাই আঞ্চলিক দলসমূহক একত্ৰিত কৰি সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰা৷ ‘ফেডাৰেল ফ্ৰণ্ট’ত আছে অৰবিন্দ কেজৰিৱাল, কে চন্দ্ৰশেখৰ ৰাও আদি নেতাও৷ rjd,  শিৱসেনা আদিৰে অখিল গগৈৰ আলোচনা৷ দাক্ষিণ্যতাৰ কেইবাটাও দলো ‘ফেডাৰেল ফ্ৰণ্ট’ৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ ‘ফেডাৰেল ফ্ৰণ্ট’ত নাথাকিলেও কংগ্ৰেছক লগত লৈ আগবঢ়াৰ চিন্তা ‘ফেডাৰেল ফ্ৰণ্ট’ৰ৷ কূট-কৌশল ৰচনাত পলিটিকেল ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰ৷ পিছে, ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতিৰ ৰহস্যময় চৰিত্ৰ অখিল গগৈ৷ এফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে অখিল গগৈয়ে বিধানসভাৰ বাহিৰে-ভিতৰে কাম কৰাৰ অভিযোগ৷ আনফালে, বিজেপিৰ বিৰুদ্ধে মন্তব্য৷ কংগ্ৰেছেৰে আলোচনাত বহিও কংগ্ৰেছ তথা কংগ্ৰেছীৰ বিৰুদ্ধেও মন্তব্য৷ aiudfৰ বিৰুদ্ধে মন্তব্যতো আছেই৷ এনে পৰিস্থিতিত অখিল গগৈয়ে ক’ত কি ঘটায় সেয়াও পিছে ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে৷ সেয়া যি কি নহওক উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মহাজোঁটৰ পৰা AIUDFক বাদ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aiudfasom live 24assam live 24axom live 24bjpCongressmohajot
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে
বিবিধ

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

December 21, 2025
বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ
বিবিধ

বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

December 21, 2025
ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস
বিশ্ব

ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস

December 20, 2025
Next Post
শিলচৰত কিন্নৰৰ ২ ফৈদৰ মাজত তীব্ৰ সংঘাত

শিলচৰত কিন্নৰৰ ২ ফৈদৰ মাজত তীব্ৰ সংঘাত

ঘোষণা হ’ল কোভিডৰ নতুন SOP৷ খোল খালে আন্তঃজিলা যাতায়াত৷ আৰু কি কি আছে নতুন SOPত?

ঘোষণা হ’ল কোভিডৰ নতুন SOP৷ খোল খালে আন্তঃজিলা যাতায়াত৷ আৰু কি কি আছে নতুন SOPত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.