নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ’ব পাৰে ভাৰতৰ সবাতোকৈ সুদক্ষ খেলুৱৈগৰাকী !
টিম ইণ্ডিয়াই এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত ২ খন খেল খেলিছে। দুয়োখন খেলতে জয়লাভ কৰি টিম ইণ্ডিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এতিয়া ৰোহিত এণ্ড কোম্পানীৰ পৰৱৰ্তী মেচ হ’ব ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে।
এই মেচৰ পৰা টিম ইণ্ডিয়াৰ বৰ্তমানৰ সবাতোকৈ সুদক্ষ খেলুৱৈগৰাকীক জিৰণি দিয়াৰ চৰ্চা চলিছে। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেট কিংবদন্তি ডেৰেন গফে এই সন্দৰ্ভত নিজৰ পৰামৰ্শ দিছে।
নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন লীগ মেচৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন বেষ্ট বলাৰ ডেৰেন গফে কয় যে ভাৰতীয় দলে এতিয়া খেলুগৰাকীক জিৰণি দিয়া উচিত। ডেৰেনে মহম্মদ শ্বামী সন্দৰ্ভত দিছে এই মন্তব্য৷
উল্লেখ্য, টিম ইণ্ডিয়াই ইতিমধ্যে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে, গতিকে নিউজিলেণ্ডৰ সৈতে খেলখন কেৱল আনুষ্ঠানিকতাহে হ’ব। এনে পৰিস্থিতিত অধিনায়ক ৰোহিত শৰ্মাই এই মেচৰ পৰা বেগী বলাৰ মহম্মদ শ্বামীক জিৰণি দিয়াৰ সম্ভৱনাই দেখা দিছে।
বহুদিনৰ মূৰত পুনৰ টিম ইণ্ডিয়ালৈ উভতি আহিছে মহম্মদ শ্বামী। বাংলাদেশৰ সৈতে খেলা প্ৰথমখন খেলত শ্বামীয়ে অতিকে মাৰাত্মক বলিং প্ৰদৰ্শন কৰিছিল, এই মেচত শ্বামীয়ে ৫টা উইকেট দখল কৰিছিল।
কিন্তু পাকিস্তানৰ বিৰুদ্ধে খেলা খেলত শ্বামীক কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছিল, যাৰ বাবে কিছু সময়ৰ বাবে খেলপথাৰ এৰিবলগীয়া হৈছিল শ্বামীয়ে। এতিয়া লক্ষণীয় হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পৰা শ্বামীক জিৰণি দিয়া হয় নে নহয়?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ