মানুহৰ শৰীৰৰ বিভিন্ন অংশত তিল থাকে। সময়ৰ লগে লগে কিছুমান বাঢ়ে আৰু কিছুমান কমিবলৈ ধৰে। সমুদ্ৰিকা শাস্ত্ৰৰ মতে, শৰীৰৰ তিলে বিশেষ তাৎপৰ্য বহন কৰে, কিয়নো এই তিলবোৰে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। শৰীৰৰ কিছুমান অংগত থকা তিলে ধন-সম্পত্তি উভৈনদী হোৱাৰ সংকেত দিয়ে। আজি জানো আহক শৰীৰৰ কোন কোন অংশত তিল থাকিলে আপোনাৰ কপাল ফুলিব…
- সামুদ্ৰিক শাস্ত্ৰৰ মতে মানুহৰ সোঁ গালত থকা তিল অতি শুভ বুলি গণ্য কৰা হয়। ই কেৱল শুভ ইংগিত দিয়াই নহয়, আৰ্থিক লাভ অৰ্জনৰ ক্ষেত্ৰটো সহায় কৰে। আনহাতে বাওঁ গালত তিল থাকিলে অধিক খৰচী হোৱাৰ ইংগিত দিয়ে।
- কপালৰ সোঁফালে তিল থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল আপোনাৰ ধন-সম্পত্তি বাঢ়িব আৰু আপুনি কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয়। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে প্ৰতিটো লক্ষ্যত উপনীত হ’ব। আপুনি সদায় পৰিয়ালৰ ঢাল হৈ থাকিব পাৰিব। কিন্তু কপালৰ বাওঁফালে যদি তিল থাকে, তেন্তে জীৱনত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।
- সোঁহাতত যদি তিল থাকে তেন্তে এয়া শুভ লক্ষণ। এই তিলে প্ৰতিটো ক্ষেত্ৰতে সফলতা আৰু লাভৰ ইংগিত প্ৰদান কৰে। ব্যৱসায়তেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, এনে ব্যক্তিসকলে সোনকালে ধনী হ’ব পাৰে।
- এজন ব্যক্তিৰ বুকুৰ মাজত থকা তিলে সৌভাগ্যক সূচায়। ইয়াৰোপৰি এই তিলে ধন-সম্পত্তি আৰু সুখী জীৱনৰ ইংগিত দিয়ে। এনেলোকৰ ইচ্ছা শীঘ্ৰে পূৰণ হয়। তেওঁলোকে কেতিয়াও ধনৰ অভাৱ নাথাকে আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে লক্ষ্যত উপনীত হয়, ফলত এক নতুন পৰিচয় লাভ কৰে।
- সমুদ্ৰিক শাস্ত্ৰৰ মতে, মানুহৰ সোঁহাতৰ তিলে আধিপত্যৰ সূচায়। যদিও প্ৰথম অৱস্থাত তেওঁলোকে কামবোৰ লাভ কৰিবলৈ সংগ্ৰাম কৰিব লাগে, কিন্তু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰি পৰিয়ালৰ সৈতে সুখী জীৱন যাপন কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















