বাৰিষাৰ কালত সহজ পদ্ধতিৰে ৰাখক ছাল-ওঠৰ যত্ন, কোনো দিনে দেখা নিদিয়ে এই ৪ সমস্যা
বাৰিষাৰ বৰষুণ বুলিলে বহু লোককে আকৰ্ষণ কৰে, ৰোমাণ্টিক হৈ পৰে পৰিৱেশ। কিন্তু এই বতৰত সংক্ৰমণ, আৰ্দ্ৰতা আৰু বেক্টেৰিয়াৰ সমস্যা বহুত আহি পৰে। ইয়াৰ ফলত ছালত প্ৰভাৱ পৰে আৰু সংক্ৰমণৰ সমস্যা বৃদ্ধি পায়।
বাৰিষাৰ সময়ত ছালৰ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়, ইয়াৰ বাবে আপুনি সমস্যা আৰু ইয়াৰ চিকিৎসা দুয়োটাকে জনা উচিত। এই ঋতুত কোনবোৰ ছালৰ সমস্যা হ’ব পাৰে আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।
একজিমা
এই সমস্যাত ছালখন শুকান হৈ যোৱা আৰু ফাটি যোৱা সমস্যা আৰম্ভ হয়। বৰষুণৰ শৰীৰৰ ছালত পৰিলে আৰু পাছত চেহেৰা, হাত-ভৰি আদি পৰিষ্কাৰ নহ’লে এনে সমস্যা হয়। কেতিয়াবা সেই ঠাইত সৰু সৰু ফোঁহাও ওলায় আৰু খজুৱতি বাঢ়ি যায়।
খজুৱতি
বাৰিষাৰ সময়ত আৰ্দ্ৰতা অত্যধিক বৃদ্ধি পায়, যাৰ বাবে ছালত খজুৱতি আৰম্ভ হয়। কেতিয়াবা খজুৱতি ইমানেই বেছি হয় যে মানুহৰ শৰীৰত ৰঙা দাগ ওলাবলৈ আৰম্ভ কৰে।
ভেঁকুৰৰ সংক্ৰমণ
বাৰিষাৰ সময়ত ভেঁকুৰৰ সংক্ৰমণ সাধাৰণতে দেখা যায়, শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ অংশ যেনে উৰুত, ভৰিৰ আঙুলিৰ মাজত, বুকুৰ তলত বা ব্যক্তিগত স্থানত। কেতিয়াবা ইমানেই গুৰুতৰ হৈ পৰে যে ঔষধ আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা কঠিন হৈ পৰে।
শুকান ওঁঠ
বাৰিষাত আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ছালৰ লগতে ওঁঠো শুকান হৈ পৰে। শুকান ওঁঠবোৰ সোনকালে ফাটিবলৈ আৰম্ভ কৰে। ফাটি যোৱা ওঁঠত ধূলি আৰু মলি জমা হোৱাৰ বাবে এই সমস্যা আৰু অধিক বৃদ্ধি পায়।
কিদৰে ছাল-ওঠৰ যত্ন লৈ এই সমস্যাৰ পৰা সকাহ পাব-
বাৰিষাৰ সময়ত ছালৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ, ইয়াৰ বাবে ছালত আৰ্দ্ৰতা বজাই ৰখা আৰু পৰিষ্কাৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। গা ধোৱাৰ পানীত নিমখ বা ডেটল দি গা ধুব পাৰে। এন্টিবেক্টেৰিয়েল চাবোন ব্যৱহাৰ কৰিলেও শৰীৰ বীজাণুমুক্ত হৈ থাকিব। যেতিয়াই বাহিৰৰ পৰা ঘৰলৈ আহে তেতিয়াই হাত, মুখ আৰু ভৰি ভালদৰে ধুব লাগে।
মুখৰ যত্ন
আজিকালি মুখত ব্ৰণৰ পিম্পলছ হোৱাৰ সমস্যা দেখা গৈছে, ইয়াৰ বাবে আপুনি আপোনাৰ ছালৰ মতে ভাল সামগ্ৰী কিনি ব্যৱহাৰ কৰিব পাৰে। তেলীয়া ছাল থকা লোকে সঘনাই মুখখন স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে। দিনটোত দুবাৰকৈ মুখ ধুব লাগে, তেলীয়া ছাল থকা লোকে ফেচ টোনাৰ ব্যৱহাৰ কৰিব পাৰে, শুকান ছাল থকা লোকে এই পদক্ষেপ এৰিব পাৰে। মুখত মইশ্ব’ৰাইজাৰ লগাবলৈ নাপাহৰিব।
ওঁঠৰ যত্ন লোৱা
ওঁঠৰ যত্ন ল’বলৈ লিপ বাম লগাওক। ইচ্ছা কৰিলে নাৰিকল তেল বা আলমণ্ড অইলেৰেও মালিচ কৰিব পাৰে। মৃত ছাল আঁতৰাবলৈও ওঁঠ স্ক্রাব কৰিব পাৰে। স্ক্ৰাবৰ বাবে কফি আৰু নাৰিকল তেলৰ মিশ্ৰণ লগাব পাৰে বা টমেটোৰ ৰস চেনিৰ গুড়িৰ সৈতে মিহলাই ঘঁহিব পাৰে।
হাইড্ৰেচন
শৰীৰত হাইড্ৰেচনৰ বাবে পানীৰ প্ৰয়োজন হয়, ইয়াৰ বাবে গোটেই দিনটো প্ৰচুৰ পৰিমাণে পানী খাব লাগে , নাইবা বতৰৰ ফলো খাব পাৰে। এনে ফল সেৱন কৰিব লাগে যিয়ে শৰীৰত তৰল পদাৰ্থ বজাই ৰাখে। নেমু, তিয়ঁহ, কমলা, অমিতা আদি ফল খাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ