অসম লাইভ২৪ঃ মঙলবাৰে ২ জানুৱাৰীত চন্দ্ৰই সিংহ ৰাশিৰ পৰা ওলাই কন্যা ৰাশিত প্ৰৱেশ কৰিব। আজি সৌভাগ্য যোগ, শোভন যোগ, ত্ৰিপুষ্কৰ যোগ, ৰবি যোগ আৰু পূৰ্বা ফাল্গুনী নক্ষত্ৰৰ শুভ সংযোগ থাকিব। ইয়াৰফলতেই আজিৰ দিনটোৰ মাহাত্ম্যও বৃদ্ধি পাব। বৈদিক জ্যোতিষ অনুসৰি এই শুভ যোগৰ প্ৰভাৱত একাধিক ৰাশিৰ ভাগ্যত ধন বৃদ্ধিৰ যোগ তৈয়াৰ হৈছে।কোন কোন ৰাশিৰ জাতক ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব জানি থওক।
মেষ ৰাশি
মেষ ৰাশিৰ জাতকসকল আজি সতৰ্ক হৈ থাকক। ব্যয় বাঢ়িব। ভাল কাম কৰক। স্বাস্থ্য দুৰ্বল হৈ থাকিব। প্ৰেম জীৱনৰ বাবে এই সময় প্ৰতিকূল। কৰ্মক্ষেত্ৰত পৰিস্থিতি ভালেই থাকিব। আকস্মিক আয়ৰো যোগ আছে। নতুন প্ৰকল্প তৈয়াৰ কৰিব। সন্মানিতও হ’ব। বহু কামত সফলতাও আহিব। ব্যৱসায়ত ভালেই। বাহন ক্ৰয় কৰিব পাৰে। সন্তানৰ ৰোজগাঢ় সম্পৰ্কীয় দুশ্চিন্তা দূৰ হ’ব। ভাগ্যই ৮৩ শতাংশ আপোনাৰ লগ দিব। বিষ্ণুক লাড্ডুৰ ভোগ নিবেদন কৰক।
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ভাল। স্বাস্থ্যোন্নতি হ’ব। আয় বাঢ়িব। মান সন্মান লাভ কৰিব। প্ৰেমত শুভ। দাম্পত্য জীৱনত অৱসাদ থাকিলেও পৰিস্থিতি উন্নত। যাত্ৰা, বাহন চলাওতে নতুবা কোনো মেছিন ব্যৱহাৰৰ সময়ত সতৰ্ক হওক। স্বাস্থ্য দুৰ্বল থাকিব। সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হ’ব। কৰ্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে। ৯৮ শতাংশ ভাগ্যৰ সহায় পাব। পৰুৱাক আঁটা খোৱাওক।
মিথুন ৰাশি
এই ৰাশিৰ আজিৰ দিনটো ব্যস্ততাৰে পাৰ হ’ব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। দাম্পত্য জীৱনত অৱসাদ থাকিব। প্ৰেমত শুভ। কামত মনোনিবেশ কৰিব। আইন আদালত সম্পৰ্কীয় কামত সফলতা। লাভৰ সুযোগ বাঢ়িব। ব্যৱসায়ত লাভৰ সুযোগ। প্ৰকল্প ক্ৰমশ উন্নতিৰ দিশেৰে। পাবলগীয়া ধন লাভ কৰিব। ব্যয় বাঢ়িব। ভাগ্যই ৯২ শতাংশ লগ দিব আপোনাক। শিৱ চালিছা পাঠ কৰক।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ভাল। ভাগ্যই আপোনাৰ সংগ দিব। সমস্ত কামত সফলতা পাব। পৰিশ্ৰমৰ ফল পাব। দাম্পত্য জীৱনত প্ৰেম আৰু ভালপোৱা বৰ্তী থাকিব। ব্যয় বাঢ়িব। কাৰো সৈতে অযথা বিবাদত নোসোমাব। ঋণ আদায় কৰিব পাৰিব। ব্যৱসায়িক যাত্ৰা সফল হ’ব। ব্যৱসায় ভালেই চলিব। খং নিয়ন্ত্ৰণ কৰক। দায়িত্ব বাঢ়িব। পৰিকল্পিত কামত সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ হ’ব পাৰে। আজি ৬১ শতাংশ ভাগ্যৰ সংগ পাব। সংকটনাশন গণেশ স্তোত্ৰ পাঠ কৰক।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ আজিৰ দিনটো বিশেষ ভাল নহয়। পৰিয়ালত অৱসাদ থাকিব। মানসিক দিশত দুৰ্বল হৈ থাকিব। কৰ্মক্ষেত্ৰত উন্নতি। নিজৰ কামত মনোনিৱেশ কৰক। পাবলগীয়া ধন লাভ কৰিব। কুসংগ এৰাই চলক। অনাবশ্যক ব্যয় নকৰিব। কাৰো পৰা ঋণ ল’বলগা হ’ব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। ধৰ্মীয় কামত ৰুচি বাঢ়িব। স্বাস্থ্য সম্পৰ্কীয় চিন্তা দূৰ হ’ব। ৮৮ শতাংশ ক্ষেত্ৰত ভাগ্যই সংগ দিব। নিশা কলা কুকুৰক খাদ্য খোৱাওক।
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত আনন্দ থাকিব। জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাব। প্ৰেম জীৱনত ৰোমান্স থাকিব। সমস্ত কামত ভাল ফল লাভ কৰিব। বিলাসিতাত ধন ব্যয় কৰিব। ঘৰ বা মাটি সংক্ৰান্তীয় বাধা দূৰ হ’ব। ব্যৱসায়ত নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। আৰ্থিক পৰিস্থিতি ভালেই। ব্যয় আৰু লেনদেনত নিয়ন্ত্ৰণ ৰাখক। ভাগ্যই ৭১ শতাংশ সংগ দিব। পূৱাই সূৰ্যপ্ৰণাম কৰক। তামৰ লোটাৰে সূৰ্যক জল অৰ্পণ কৰক।
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো পাৰিবাৰিক জীৱনৰ বাবে শুভ। কৰ্মক্ষেত্ৰত উন্নতি হ’ব। বাণী নিয়ন্ত্ৰণত ৰাখক। অন্যথা হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। প্ৰেমত প্ৰতিকূল। ভায়েক ভনীয়েকৰ সহযোগিতাৰ প্ৰয়োজন হ’ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে ভাল ব্যৱহাৰ কৰক। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। আইনী কাম সম্পন্ন হ’ব। শাৰীৰিক কষ্ট হ’ব পাৰে। ব্যৱসায়ত ভাল। আৰ্থিক দায়িত্ব সীমিত থাকিব। সন্তানৰ কামত অসন্তুষ্ট থাকিব। বন্ধুৰ সৈতে মতভেদ হ’ব পাৰে। ভাগ্যৰ ৬৫ শতাংশ সংগ লাভ কৰিব আপুনি।
বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতকৰ দিনটো প্ৰেমত শুভ যাব। ভায়েক ভনীয়েকৰ মাজৰ সম্পৰ্ক উন্নত। পাৰিবাৰিক জীৱন সুখৰ হ’ব। পৰিয়ালত কোনো অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। নিজৰ ব্যৱহাৰ ঠিক কৰক। দাম্পত্য জীৱনত উন্নতি। কৰ্মক্ষেত্ৰত প্ৰচেষ্টা অনুযায়ী সাফল্য লাভ কৰিব। সাৱধানে গাড়ী চলাওক। ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিব। সাৱধানে লেনদেন কৰক। পাবলগীয়া ধন উভতাই পাব। শিক্ষা ক্ষেত্ৰত উন্নতি। ৭৮ শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাক সহায় কৰিব। গণেশ চালিছা পাঠ কৰক।
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ পাৰিবাৰিক জীৱন সুখকৰ। সমস্ত কামত পৰিয়ালৰ সহযোগিতা লাভ কৰিব। ব্যয় বাঢ়িব। আনন্দিতও থাকিব। মনত আনন্দ থাকিব। কৰ্মক্ষেত্ৰত নিজৰ পৰিশ্ৰমে সফলতা আনিব। সকলোৱে আপোনাৰ প্রশংসা কৰিব। দাম্পত্য জীৱন সুখকৰ। ভয়, কষ্ট আৰু অৱসাদৰ পৰিবেশ থাকিব। দুঃসংবাদ পাব পাৰে। দুঃসাহস দেখুৱালে ক্ষতি হ’ব। ভাগ্যৰ ৮৫ শতাংশ সহায় পাব। বগা চন্দনৰ তিলক লগাওক। শিৱক তামৰ লোটাৰে জল নিবেদন কৰক।
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে আজি যাত্ৰা কৰিব পাৰে। আয় বঢ়াৰ ফলত ব্যয়ো হ’ব। সম্পত্তি লাভৰ যোগ। প্ৰেমত প্ৰিয় মানুহৰ সহযোগিতা লাভ কৰিব। কোনো সমস্যা উৎপন্ন হ’ব পাৰে। আপোনাৰ সমস্ত চেষ্টা সফল হ’ব। ব্যৱসায়ত ভালেই। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত উন্নতি হ’ব। বিভিন্ন উৎসৰ পৰা অৰ্থ লাভ সম্ভৱ। ভাগ্যই আজি ৮৩ শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ লাভ কৰিব।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে আজি কৰ্মক্ষেত্ৰত অসাধাৰণ সাফল্য লাভ কৰিব। আপোনাৰ প্ৰশংসা আৰু প্ৰভাৱ বাঢ়িব। আয় বৃদ্ধিৰ শুভ সংযোগ তৈয়াৰ হৈছে। পৰিয়ালত অবসাদে ক্ৰিয়া কৰিব। পুৰণা বন্ধু লগ পাব পাৰে। সুসংবাদ আহিব। চাকৰি আৰু ৰাজনৈতিক ক্ষেত্ৰত ভাগ্যোদয় সম্ভৱ। পৰিয়ালত শুভ অনুষ্ঠান আয়োজন হ’ব। ভাগ্যৰ ৮৮ শতাংশ সহায় লাভ কৰিব। বিষ্ণুক পুজা কৰক।
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ভাল। মানসিক দিশেৰেও মজবুত থাকিব। কিছু পৰিমাণে আৱেগপ্ৰৱণো হ’ব। প্ৰেমত শুভ। কৰ্মক্ষেত্ৰত পৰিস্থিতি ভাল। প্ৰচুৰ পৰিশ্ৰম কৰক। আয়ৰ বাবেও দিনটো শুভ। সাবধানে বাহন চলাওক। আৰ্থিক উন্নতি সংক্ৰান্তীয় সু সংবাদ আহিব পাৰে। আংশীদাৰিত্বৰ কামত লাভ অৰ্জন কৰিব। দাম্পত্য জীৱন সুখকৰ। ব্যৱসায়িক যাত্ৰা সফল হ’ব। আজি ৯১ শতাংশ ভাগ্যই সহায় পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ