আজি ২৫ মে’, কেৰিয়াৰৰ অন্তিমখন খেল খেলিব ধোনীয়ে, কেতিয়া নামিব খেলপথাৰত
আজি ২৫ মে’ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ স্মৃতিত লিপিবদ্ধ হৈ থাকি যাব। ১৬ বছৰ ধৰি চেন্নাইৰ হৈ খেলা ধোনীৰ আজি অন্তিমখন খেল খেলিব। আজি দেওবাৰে আই পি এল ২০২৫ত ধোনীৰ দল চেন্নাইৰ অন্তিমখন খেল।
খেল খনক মুখামুখি হ’ব শুভমন গিলৰ দল গুজৰাটৰ বিৰুদ্ধে। যদিও ধোনীয়ে এতিয়ালৈকে অৱসৰৰ কথা ঘোষণা কৰা নাই, তথাপি অহা বছৰ ধোনীয়ে খেলিব নোৱাৰাৰ ইংগিত পোৱা গৈছে। এই বছৰতেই খেলপথাৰত জ্বলৱা দেখুৱাব পৰা নাই ধোনীয়ে।
১৬ বছৰ ধৰি কেৱল চেন্নাইৰ হৈ খেলা ধোনীয়ে দলটোক ৫ বাৰ চেম্পিয়নো কৰাইছে। ৪৩ বৰ্ষীয় খেলুৱৈগৰাকীয়ে এতিয়ালৈকে ২৭৭ খন মেচ খেলিছে। মুঠ ১৬ টা চিজন চেন্নাইৰ হৈ খেলিছে কেপ্টেইন কুলে। অৱশ্যে মাজতে দুটা চিজন পুণে ছুপাৰজায়েণ্টৰ হৈ খেলিছিল। কিন্তু এতিয়া সেই আই পি এল কেৰিয়াৰ অন্তিম ক্ষণত ধোনীৰ জীৱনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















