গুৱাহাটীত ভয়ংকৰ কাণ্ড, পত্নী-সন্তানক শেষ কৰি নিজেও…
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ কাণ্ড। একেখন ঘৰৰে ৩ গৰাকীৰ নিথৰ দেহ উদ্ধাৰ। মহানগৰীৰ বামুণিমৈদামত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড।
য’ত এগৰাকী পিতৃয়ে পত্নীৰ লগতে নিজৰ একমাত্ৰ কন্যা সন্তানকো হত্যা কৰে। পত্নী-কন্যাক হত্যা কৰি উঠি নিজেও নিজকে শেষ কৰি দিয়ে।
জানিব পৰামতে বামুণিমৈদামৰ অমৰ সংঘৰ সমীপত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰেল বিভাগত কৰ্মৰত লোহিত ঠাকুৰীয়া নামৰ লোকগৰাকীয়ে পত্নী জুলী ডেকা আৰু তেওঁলোকৰ কন্যা ঋতিকা ডেকাক একেলগে হত্যা কৰে।
কন্যা ঋতিকা ডেকা বামুণীমৈদামস্থিত জ্ঞানদ্বীপ একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰী
বৰ্তমানেও উদ্ধাৰ হোৱা নাই ঘটনাৰ প্ৰকৃত ৰহস্য। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পাছে উল্লেখনীয় কথা যে, ঘৰৰ বাহিৰৰ পৰা মৰা আছিল ঘৰৰ মূখ্য দৰ্জা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















