চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল’লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে
নিৰ্বাচনৰ সময়ত বহু ক্ষেত্ৰত বহু নিৰ্বাচনী নেতাক বহু ধৰণৰ চেলেঞ্জ কৰা দেখা যায়। পাছে নিৰ্বাচনৰ শেষত সেই চেলেঞ্জ কোনেও পূৰণ নকৰে। কিন্তু ইয়াৰে মাজত আহিছে এগৰাকী নেতাৰ চৰ্ত , যিদৰে চেলেঞ্জ কৰিছিল, সেইদৰে পূৰণো কৰিছে।
নিৰ্বানত পৰাজয় হলে নিজৰ নাম সলাই ল’ব বুলি কৰা হুংকাৰ এতিয়া পূৰণ কৰিলে। নিৰ্বাচনত পৰাজয়ৰ পাছতে এতিয়া জনপ্ৰিয় নেতাগৰাকীয়ে সলাই লৈছে নিজৰ নাম। এই নেতাগৰাকী হৈছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী মুদ্ৰগড়া পদ্মনাভম। যিয়ে এতিয়া নাম সলনি কৰি হৈছে পদ্মনাভা ৰেড্ডি।
সদ্যহতে হৈ যোৱা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দক্ষিণৰ ছবিজগতৰ ছুপাৰষ্টাৰ পৱন কল্যান, যিয়ে এতিয়া ৰাজনীতিত জড়িত, সেই পৱন কল্যানৰ সৈতে চেলেঞ্জ কৰিছিল। পাছে পৱন কল্যানৰ জনপ্ৰিয়তাক পিছ পেলাই কেনেকৈ। নিৰ্বাচনত পৱন কল্যানে বহু ভোটৰ ব্যৱধানত পদ্মনাভাক পৰাজিত কৰি বৰ্তমানে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।
আনহাতে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী পদ্মনাভাই সলাই লৈছে নিজৰ নাম। এই ক্ষেত্ৰত পদ্মনাভাই কাৰোৰে হেঁচাত পৰি নাম সলোৱা নাই বুলি পৱন কল্যানক উল্লেখ কৰি কৈছে। লগতে ইয়াকো কয় যে, এয়া সম্পূৰ্ণ নিজৰ ইচ্ছা অনুসৰিয়ে কৰিছে।
পাছে কিছুদিন পূৰ্বে পৱন কল্যানৰ অনুৰাগীয়ে অহৰহ পদ্মনাভাক উদ্দেশ্যে বহু অশালীন মন্তব্য কৰি আছিল। যাৰ বাবে পদ্মনাভাই অশান্তি পাই সেই অনুৰাগীক কৈছিল ইমানেই মোক লৈ অশান্তি হৈছে যদি গালি দিয়াৰ সলনি মোৰ পৰিয়ালৰ সৈতে মোক শেষ কৰি দিয়ক। অৱশ্যে এতিয়া সকলো শান্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ