অসম লাইভ২৪ঃ জল্পনাৰ অৱসান। নৱ নিৰ্মিত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ ২.৫১ কোটি টকা দান কৰিলে ৰিলায়েন্সৰ মালিক মুকেশ আম্বানীয়ে। আম্বানীয়ে কন্যা, পত্নী, জোঁৱাইসহ সকলোকে লৈ উপস্থিত হৈছিল অযোধ্যাত। ইয়াৰ পূৰ্বে আম্বানীৰ পৰিয়ালৰ তৰফৰ পৰা ৩৩ কিঃগ্ৰাঃ সোনৰ এটা মুকুটু ৰামলালাক উপহাৰ দিয়া হৈছে বুলি সামাজিক মাধ্যমত একাংশই চৰ্চা চলাইছিল। সোমবাৰে প্ৰধানমন্ত্ৰীয়ে ৰামৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিছে। সেই মেগা উদ্বোধনী অনুষ্ঠানতেই উপস্থিত আছিল আম্বানী পৰিয়ালৰ সমূহ সদস্য। ৰামলালাৰ পূজা চলি থকাৰ সময়তে সামাজিক মাধ্যমত বহুতেই চৰ্চা চলাইছিল যে, আম্বানীয়ে ৰামলালাৰ মূৰত পিন্ধাই ৰখা মুকুটতো দান কৰিছে। কিন্তু এই কথা ভুৱা বুলি ইতিমধ্যেই ঘোষণা কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে।
উল্লেখ্য যে, ৰাম মন্দিৰত দিয়া দানক লৈ বিবৃত্তি দাঙি ধৰিছে আম্বানী পৰিয়ালে। তাত কোৱা হৈছে, ‘ৰাম মন্দিৰৰ গভীৰ সাংস্কৃতিক গুৰুত্ব আছে। ইয়াৰ সৈতে যুক্ত হোৱাৰ সুযোগ পোৱাৰ বাবে নিজকে ধন্য মানিছো।’ মুকেশ আম্বানি আৰু তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ হাতত ২.৫১ কোটি টকা অনুদান হিচাপে তুলি দিয়া হৈছে।
২২ তাৰিখে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানী, কন্য ইশা আম্বানী, জোৱায়েক আনন্দ পৰিমল আৰু দুই পুত্ৰ আকাশ আৰু অনন্ত আম্বানী, শ্লোকা মেহতা, ৰাধিকা মাৰ্চেণ্ট। প্ৰসংগত মন্দিৰ উদ্বোধনৰ পাছতেই মুকেশ আম্বানীয়ে কয়, ‘ভগৱান ৰামৰ আবিৰ্ভাৱ হৈছে। সেয়ে এই দিনটোত সমগ্ৰ দেশতেই দীপাৱলী পালন কৰিব লাগে। অন্যহাতে ২২ জানুৱাৰীৰ দিনটোক ঐতিহাসিক বুলিও আখ্যা দিছে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে।
বিগক দেওবাৰে ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ এদিন পূৰ্বে, ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়া গৈছিল আম্বানীৰ ভৱন এণ্টেলিয়াত। ইয়াৰোপৰি সোমবাৰে মন্দিৰ উদ্বোধন উপলক্ষ্যে ৰিলায়েন্সৰ সমস্ত কৰ্মীক ছুটিও দিয়া হৈছে। ২০২৩ ত কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰত পুজা কৰিবলৈ গৈছিল ৰিলায়েন্সৰ কৰ্তা মুকেশ আম্বানীয়ে। পূজাৰ অন্তত তেওঁ কেদাৰ আৰু বদ্ৰীনাথ মন্দিৰ কৰ্তৃপক্ষৰ হাতত তুলি দিয়া হৈছিল ৫লাখকৈ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ