জিঅ’ সন্দৰ্ভত মুকেশ আম্বানীৰ কেইবাটাও ডাঙৰ ঘোষণা, গ্ৰাহতে লাভ কৰিব বহু সুবিধা
দেশৰ অন্যতন বৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ আজি ২৯ আগষ্ট তাৰিখে ৪৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। ইয়াৰ নেতৃত্ব দিছিল মুকেশ আম্বানীয়ে। এজিএম আৰম্ভ হোৱাৰ লগে লগে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ ৰকেটৰ দৰে উপৰলৈ উঠে। একে সময়তে কোম্পানীটোৱে বৈঠকৰ সময়ত কয় যে নিয়োগৰ বৃদ্ধিৰ ওপৰত কাম কৰি যোৱা বছৰ ১.৭ লাখ নতুন চাকৰিৰ সৃষ্টি কৰা হৈছে। এই সময়ছোৱাতে মুকেশ আম্বানীয়েও বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছে।
মুকেশ আম্বানীয়ে ঘোষণা কৰা অনুসৰি-
এআইৰ ওপৰত গুৰুত্ব : ৰিলায়েন্সে সকলো ব্যৱসায়ৰ বাবে এআইৰ স্থানীয় ডিজিটেল আন্তঃগাঁথনি সৃষ্টি কৰিছে।
জিঅ’ব্ৰেইন: এটা নতুন এআই প্লেটফৰ্ম যিয়ে জিঅ’ত এআই গ্ৰহণ ত্বৰান্বিত কৰিব।
Jio AI-Cloud Welcome Offer: ব্যৱহাৰকাৰীয়ে লাভ কৰিব 100GB পৰ্যন্ত বিনামূলীয়া ক্লাউড ষ্ট’ৰেজ।
Jio tvOS: Jio set-top box ৰ বাবে ডিজাইন কৰা এটা নতুন অপাৰেটিং চিষ্টেম।
Jio PhoneCall AI: কল ৰেকৰ্ডিং, ট্ৰান্সক্ৰিপচন আৰু অনুবাদৰ দৰে বৈশিষ্ট্য প্ৰদান কৰা হৈছে।
জিঅ’ৰ ৪৯ কোটি ব্যৱহাৰকাৰীঃ জিঅ’ এতিয়া ভাৰতৰ সৰ্ববৃহৎ ডাটা মাৰ্কেট।
Jio True 5G: ভাৰতৰ ভিতৰতে সৰ্বাধিক দ্ৰুত 5G গ্ৰহণ কৰা নেটৱৰ্ক।
সকলোৰে বাবে এআই: আম্বানীয়ে বিশ্বাস কৰে যে এআই সকলোৰে বাবে সুলভ হ’ব লাগে, কেৱল প্ৰিমিয়াম ডিভাইচৰ বাবে নহয়।
ইয়াৰ উপৰিও আম্বানীয়ে ঘোষণা কৰে Jio AI-Cloud ৱেলকাম অফাৰ। জিঅ’ৰ অধ্যক্ষই ঘোষণা কৰিছে যে জিঅ’ ব্যৱহাৰকাৰীসকলে ১০০ জিবি পৰ্যন্ত বিনামূলীয়া ক্লাউড ষ্ট’ৰেজ লাভ কৰিব, যাৰ ফলত তেওঁলোকে নিজৰ সকলো ফটো, ভিডিঅ’, ডকুমেণ্ট, আন সকলো ডিজিটেল কন্টেন্ট আৰু ডাটা সুৰক্ষিতভাৱে ষ্ট’ৰ আৰু এক্সেছ কৰিব পাৰিব।
ৰিলায়েন্সে জিঅ’ টিভিঅ’এছ আৰু জিঅ’হোম এপৰ জৰিয়তে ঘৰুৱা মনোৰঞ্জনৰ ক্ষেত্ৰতো আগ্ৰাসনৰ কথা ঘোষণা কৰিছে। জিঅ’ টিভিঅ’এছ হৈছে জিঅ’ চেট-টপ বক্সৰ বাবে ডিজাইন কৰা এটা নতুন অপাৰেটিং চিষ্টেম, যিয়ে ব্যক্তিগতকৃত আৰু নিমজ্জিত ঘৰুৱা মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰে। tvOS এ উন্নত মানৰ বাবে Ultra HD 4K ভিডিঅ’, Dolby Vision আৰু Dolby Atmos সমৰ্থন কৰে। আপডেট কৰা “হেল্ল’ জিঅ’” ভইচ এচিষ্টেণ্টত এতিয়া উন্নত এআইৰ সৈতে আহিছে, যাৰ ফলত কন্টেন্ট আৱিষ্কাৰ আৰু ডিভাইচ নিয়ন্ত্ৰণ সহজ হৈ পৰিব।
জিঅ’ইও নিৰ্মাণ কৰিছে PhoneCallAI নামৰ সেৱা, যাৰ ফলত ফোন কলত AI ব্যৱহাৰ কৰাটো সহজ হৈ পৰে। ই জিঅ’ ক্লাউডত কল ৰেকৰ্ড আৰু ষ্ট’ৰ কৰিব পাৰে, কথোপকথন টেক্সটলৈ ট্ৰান্সক্ৰিপ্ট কৰিব পাৰে আনকি অন্য ভাষালৈও ৰূপান্তৰ কৰিব পাৰে।
কেৱল এয়াই নহয়, বাৰ্ষিক বৈঠকৰ সময়ত কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকলকো এটা ডাঙৰ উপহাৰ দিছে। প্ৰতি ১ টা শ্বেয়াৰৰ বিপৰীতে এটাকৈ বোনাছ শ্বেয়াৰ দিয়াৰ কথা ঘোষণা কৰিছে কোম্পানীটোৱে। সহজ ভাষাত ক’বলৈ গ’লে এটা শ্বেয়াৰৰ বিপৰীতে এটা অতিৰিক্ত শ্বেয়াৰ লাভ কৰিব ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ