খেলনা, পোছাক, চকলেট, গহনাসহ বিভিন্ন ব্যৱসায়ত সাফল্য লাভ কৰিছে আম্বানীয়ে৷ এইবাৰ এক নতুন ব্যৱসায় কৰিবলৈ মন মেলিছে আম্বানীয়ে৷ এইবাৰ অন্তৰ্বাসৰ ব্যৱসায়৷ মুকেশ আম্বানীৰ সংস্থা ৰিলায়েন্স ৰিটেলে বিগত কেইবা বছৰ ধৰি খুচুৰা ব্যৱসায়ত বিনিয়োগ কৰিছে৷ এইবাৰ তেওঁলোকে নজৰ দিছে বিশ্ববজাৰত৷ অন্তৰ্বাসৰ ব্যৱসায়ৰ বাবে এইবাৰ মুকেশ আম্বানীৰ সংস্থা ইজৰাইলে এক সংস্থাৰ সৈতে হাত মিলাইছে৷ মুকেশ আম্বানীৰ এই পদক্ষেপৰ ফলত জকি বা লিভাইছ,ৰ দৰে বহুজাতিক ব্ৰেণ্ডসমূহে কঠিন প্ৰতিযোগিতাৰ মুখামুখি হ’ব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷
এই ব্যৱসায়ৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ ডেল্টা গেলিল নামৰ এক ইজৰাইলি কোম্পানীৰ সৈতে যৌথ উদ্যোগত কাম কৰিছে৷ অন্তৰ্বাসৰ ক্ষেত্ৰত এয়া বিশ্বৰ সকলোতকৈ বৃহৎ সংস্থাসমূহৰ মাজত এটা৷ ৰিলায়েন্সে এই ইজৰাইলী কোম্পানীৰ সাহায্যতেই কেৱল অন্তৰ্বাস তৈয়াৰ কৰিব তেনে নহয় বিক্ৰিও তেওঁলোকে নিজাকৈ কৰিব৷ বৰ্তমান ডেল্টা গেলিলে কেলভিন ক্লাইন, টমি হিলফিগাৰৰ সৈতে কাম কৰি আছে৷ সম্প্ৰতি এডিডাছ আৰু পোলো ৰালফ লৰেনৰ সৈতেও এক চুক্তি স্বাক্ষপ কৰিছে এই সংস্থাই৷
ইকোনোমিক টাইমছৰ ৰিপৰ্ট অনুসৰি দুটা কোম্পানীৰ মাজত সমান অংশীদাৰিত্ব থাকিব৷ ডেল্টা গেলিল বৰ্তমান বিশ্বৰ বহু বহুজাতিক ব্ৰেণ্ডৰ সৈতে কাম কৰে৷ বিশ্বৰ তিনিখন ভিন্ন দেশত কোম্পানীটোৰ আৰ এণ্ড ডি চেণ্টাৰ আছে৷ সংস্থাটোৱে ৱেৰগনৰ মোজা আৰু চীনৰ মহিলাসকলৰ অন্তৰ্বাস নিৰ্মাণৰো কাম কৰে৷ সংস্থাটোৰ সাতটা পেটেণ্ট আছে৷
ৰিলায়েন্স ৰিটেলে বিগত কেইবা বছৰ বহু অন্তৰ্বাসৰ সংস্থাক অধিগ্ৰহণ কৰিছে৷ ইয়াৰ মাজত আছে ক্লোভিয়া, জিভাম আৰু আমান্তৰ দৰে ব্ৰেণ্ড৷ এই তিনিটা ব্ৰেণ্ডৰ পৰা ২০২৩-২০২৪ অৰ্থবৰ্ষৰ মুঠ ২০০০ কোটি টকাতকৈ বেছি পণ্য বিক্ৰি হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















