নতুন বছৰ ২০২৬ চনৰ যোগফল১৷ এই বছৰৰ সংখ্যা ১৷ যি সূৰ্যৰ সংখ্যা৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই বছৰজুৰি কৰ্তৃত্ব কৰিব গ্ৰহৰাজে৷ ৰাশিচক্ৰত সূৰ্যই ভাল স্থানত থাকিলে বছৰটো শুভ হ’ব৷ সূৰ্যৰ আশীৰ্বাদত পাব পাৰে খ্যাতি আৰু সাফল্য৷ আৰু সংখ্যাতত্ত্বৰ হিচাপত কোৱা হৈছে যে এই বছৰ শুভ হ’ব এইকেইটা তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ৷
মূল্যংক ১(জন্মতাৰিখ ১, ১০, ১৯ আৰু ২৮)
সংখ্যাতত্ত্ব অনুসৰি মূল্যাংক ১ৰ ব্যক্তিসকলৰ সমগ্ৰ বছৰ বেছ শুভ হ’ব৷ এই বছৰৰ ৰুলিং নম্বৰ ১৷ সূৰ্যৰ অধীন৷ মূল্যাংক ১ৰ অধিপতী গ্ৰহো সূৰ্য৷ এই বছৰ এটাৰ পাছত আনটো ৰৈ থকা কাম সম্পন্ন হব৷ এই সংখ্যাৰ জাতকৰ সন্মান বৃদ্ধি পাব৷ নতুন বছৰত নতুন চাকৰিৰ অফাৰ পাব পাৰে৷ উচ্চাকাঙ্ক্ষা পূৰণ হব পাৰে৷ নতুন ঘৰ বা মাটি কিনিব পাৰে৷ ব্যৱসায়ত বিকাশৰ বাবে নতুন চুক্তি চহী কৰিব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰণৰ পথ সহজ হব৷ নতুন কিছু কাম আৰম্ভ কৰিব খুজিলে এই সময় ভাল সময়৷
মূল্যাংক ২(জন্মতাৰিখ ২, ১১, ২০ আৰু ২৯)
মূল্যাংক-২ৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ এই বছৰ মূল্যাংক-২ৰ ব্যক্তিয়ে আনন্দেৰে কটাব৷ দীৰ্ঘদিন প্লেন কৰি ৰৈ থকা কাম এইবাৰ সম্পন্ন হ’ব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সচেতন থাকক৷ আৱেগৰ বশত সিদ্ধান্ত নোলোৱাই ভাল৷ পিতৃ-মাতৃৰ স্বাস্থ্যৰ দিশত খেয়াল ৰাখক৷ এই বছৰ কেৰিয়াৰত বৃহৎ সাফল্য আহিব৷ নেতিবাচকতা দূৰৈত থাকিব, মানসিক চাপৰ পৰা মুক্তি পাব৷
মূল্যাংক ৩(জন্মতাৰিখ ৩, ১২, ২১ আৰু ৩০)
মূল্যাংক-৩ৰ অধিপতি গ্ৰহ বৃহস্পতি৷ বৃহস্পতি জ্ঞানৰ প্ৰতীক৷ গুৰুগ্ৰহ নামেৰেও পৰিচিত৷ সূৰ্যৰ সৈতেও বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ ২০২৬ চন সূৰ্যৰ বছৰ হোৱাত মূল্যাংক-৩ ৰ জাতকে এই বছৰ তাৰ সুফল পাব৷ ব্যৱসায় বৃদ্ধিৰ বাবে কোনো বৃহৎ চুক্তিত চহী কৰিব পাৰে৷ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ দীৰ্ঘম্যাদি কোনো পৰিকল্পনা থাকিলে তাৰ কাম আৰম্ভ কৰিব পাৰে৷ আৰ্থিক লাভৰ পথ উন্মুক্ত হব৷ আত্মবিশ্বাস বাঢ়িব৷ আধ্যাত্মিক বিষয়ত আগ্ৰহ বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















