হঠাতে হাহাকাৰ, ২২ খনকৈ বিমানত বোমৰ ভাবুকি, জৰুৰী অৱতৰণ
মঙলবাৰে অমৃতসৰ লক্ষ্ণৌকে ধৰি উত্তৰাখণ্ড আৰু মাদুৰাইৰ বিমানবন্দৰত কিছু সময়ৰ বাবে আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। কাৰণ এখন দুখন নহয়, মুঠ ২২খন বিমানে ইখনৰ পিছত সিখনকৈ বোমাৰ ভাবুকি লাভ কৰিছিল। এই সকলোবোৰ ভাবুকি আহিছিল ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ একেটা একাউণ্টৰ পৰা।
উত্তৰ প্ৰদেশৰ আৰক্ষীৰ মতে, এই ভাবুকিসমূহ এক্সত থকা @schizobomber777 একাউণ্টৰ পৰা লাভ কৰা হৈছে। তদন্তকাৰী সংস্থাসমূহৰ মতে এই একাউণ্টৰ বায়’ত ‘প্ৰকৃত সন্ত্ৰাসবাদী’ লিখা আছে। এই হেণ্ডেলৰ পৰা চিকাগো, লক্ষ্ণৌ আৰু অযোধ্যাকে ধৰি মাথো ৫ ঘণ্টাৰ ভিতৰতে ২২খন বিমানত বোমাৰ ভাবুকি পোৱা গৈছিল।
যাৰ বাবে এই সকলোবোৰ বিমানৰ কোনোখন যদি জৰুৰি অৱতৰণ কৰি কোনোখন দিশ সলনি কৰি সকলো ধৰণে সতৰ্কতামূলক ব্যৱস্থা হিচাপে পৰীক্ষা কৰা হৈছিল। প্ৰায় পাঁচ ঘণ্টা ধৰি তদন্ত অভিযান অব্যাহত ৰাখি সকলো শেষত সুস্থিৰ বুলি সদৰি বিমান সন্থাৰ।
তথ্য অনুসৰি বোমাৰ ভাবুকি পোৱা বিমানসমূহৰ ভিতৰত আছে ৯আই৬৫০ (অমৃতসৰৰ পৰা ডেৰাডুনলৈ), আইএক্স ৮৮৪ (মাদুৰাই-চিংগাপুৰ), আইজিঅ’৯৮ (ডাম্মাম-লক্নৌ), এছইজে১১৬ (দৰভংগা-মুম্বাই), এআই ১২৭ (ইকালুইট-চিকাগো) আৰু কিউপি১৩৭৩ ( বাগদোগ্ৰা-বেংগালুৰু) ইত্যাদি।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি গোচৰৰ প্ৰাৰম্ভিক তদন্তত কিছু প্ৰমাণ পোৱা গৈছে, শীঘ্ৰে ধৰা পৰিব অভিযুক্ত। ভাবুকি দিয়া পোষ্টৰ পিছতে বিমান সম্পূৰ্ণৰূপে খালী কৰি পৰীক্ষা কৰা হয়।
এই ভাবুকি, তাৰ পাছত পৰীক্ষা আদি সকলোবোৰতে সমস্যাৰ সন্মুখীন হ’ল বৃহৎ সংখ্যক যাত্ৰী। এই তথ্য লাভ কৰাৰ পিছতে চিআইএছএফ, অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় আৰক্ষী আৰু অন্যান্য উদ্ধাৰকাৰী দল উপস্থিত হয়। তদন্তত সকলো ঠিকে থকা বুলি উদ্ধাৰকাৰী দলটোৱে সকাহৰ হুমুনিয়াহ কাঢ়ে। আৰক্ষীয়ে ঘটনাৰ গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ