কোটিপতিৰ তালিকা, বেইজিং চহৰক পিছ পেলালে মুম্বাইয়ে
বৰ্তমানে ভাৰতবৰ্ষ কিমান ধনী তথা উন্নত। সেই ক্ষেত্ৰত চাবলৈ গ’লে ভাৰতবৰ্ষ এতিয়াও এক উন্নয়নশীল দেশ। উন্নত দেশ হ’বলৈ আৰু কেইবছৰ মানৰ প্ৰয়োজন ভাৰতক।
পাছে এইখন ভাৰতৰে অন্যতম মেগা চিটি মুম্বাইয়ে ধনী লোকৰ তালিকাৰ ক্ষেত্ৰত পিছ পেলালে চীনৰ বেইজিং চহৰক।
সদ্যহতে প্ৰকাশ পালে কোটি পতি লোকৰ তালিকা। সেই তালিকা অনুসৰি চীনৰ বেইজিঙতকৈ ভাৰতৰ মুম্বাই চহৰত অধিক কোটিপতি লোক আছে।
গ্লোৱেল ৰিচ্চৰ তৰফৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি এই তালিকাত ভাৰতৰ কেইবাগৰাকী লোকৰ নাম প্ৰকাশ পাইছে। লগতে ভাৰতৰ মুম্বাই চহৰে এচিয়াৰ ভিতৰত সবাতোকৈ ধনী কোটিপতিৰ চহৰ হিচাপে পৰিগনিত হৈছে।
এই ক্ষেত্ৰত বেইজিঙত ৯১ গৰাকী কোটিপতি আছে, তাৰ বিপৰীতে মুম্বাইত ৯২ গৰাকী কোটিপতি আছে। অৱশ্যে সম্পূৰ্ণ দেশৰ কথা কবলৈ গলে ভাৰতত২৭১ গৰাকী কোটিপতি আছে, তাৰ বিপৰীতে চীন দেশত ৮১৪গৰাকী আছে।
চহৰ হিচাপে চাবলৈ গ’লে বিশ্বৰ ভিতৰত সবাতোকৈ অধিক কোটিপতি থকা চহৰ খন হৈছে নিউয়ৰ্ক, চহৰখনত মুঠ ১১৯ গৰাকী কোটিপতি আছে। ৯৭ গৰাকী কোটিপতিৰে লণ্ডন দ্বিতীয়ত আৰু তৃতিয়ত মুম্বাই চহৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ