কিশোৰীৰ সৈতে সম্পৰ্ক স্থাপনৰ পাছতে শেষ নিশ্বাস ত্যাগ এজনৰ, হাস্পতালত ধৰা পৰিল কাৰণ
১৪ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ কিছু সময়ৰ পিছতে মৃত্যু হয় এগৰাকী ৪১ বৰ্ষীয় লোকৰ। সংকটজনক অৱস্থাত হোটেলৰ কৰ্মচাৰীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়লৈকে লোকজনৰ মৃত্যু হয়।
বহু লোকে বহু কথা ওলাই এই মৃত্যুৰ পাছতে কিন্তু চিকিৎসা পৰীক্ষাত লোকগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা গৈছে। চিকিৎসকৰ মতে, লোকজনৰ হাৰ্ট এটেকত মৃত্যু হয়।
গোচৰটো মুম্বাইৰ আৰু কিশোৰীগৰাকীক গুজৰাটৰ পৰা অনা হৈছিল। নিহত লোকজন এটা প্ৰখ্যাত কোম্পানীৰ মেনেজাৰ বুলি চিনাক্ত কৰা হৈছে। কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগত আৰক্ষীয়ে POCSO আইনৰ কিছু ধাৰাত গোচৰ ৰুজু কৰিছে।
বিষয়টোৰ তদন্ত অব্যাহত আছে। আৰক্ষীয়ে জানিবলৈ চেষ্টা চলাইছে কিশোৰীগৰাকী কোনো যৌন ৰেকেটৰ সদস্য নেকি। কিয় কিশোৰীগৰাকীক গুজৰাটৰ পৰা মুম্বাইলৈ অনা হ’ল?
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ডি বি ৰোড থানা মুম্বাইৰ সূত্ৰৰ পৰা তথ্য লাভ কৰা হৈছে যে গ্ৰাণ্ট ৰোড অঞ্চলৰ এখন হোটেলৰ পৰা ফোন আহিছিল। ফোন কৰা সকলে এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি অৱগত কৰে।
১৪ বছৰীয়া কিশোৰী এগৰাকীৰ সৈতে হোটেললৈ আহি তেওঁ থাকিবলৈ লৈছিল। হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়। বিষয়টোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে হোটেলত উপস্থিত হয়।
তাতে ছোৱালীজনীক জেৰা কৰাৰ সময়ত মৃতকৰ সৈতে কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে যদিও গুজৰাটৰ পৰা অহা আৰু মৃতকজনে গুজৰাটৰ পৰা অনা বুলি কয়। ছোৱালীজনীৰ লগত তেওঁৰ সম্পৰ্ক আছিল।
আৰক্ষীয়ে ছোৱালীজনীৰ ঘৰৰ ঠিকনা লৈ মাতৃক ফোন কৰে। ছোৱালীজনীৰ মাতৃ আহি পোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁৰ বক্তব্য ৰেকৰ্ড কৰি ভাৰতীয় ন্যায় সংহিতা আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ