চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফ’টো৷ ফ’টোখনত দেখা গৈছে সাগৰৰ পাৰত এটা প্ৰকাণ্ড অদ্ভুত প্ৰকাৰৰ জেলিমাছ (Jellyfish) ভাঁহি আছে৷
দুদিনমান পূৰ্বে Redditত Alesig নামৰ এগৰাকী ইউজাৰে শ্বেয়াৰ কৰা ফ’টোখন দক্ষিণ কোৰিয়াৰ সাগৰৰ পাৰৰ বুলি জানিব পৰা গৈছে৷ বৃদাকাৰৰ জেলিমাছ সদৃশ প্ৰকাণ্ড এই প্ৰাণীটো মৃত অৱস্থাত পোৱা গৈছিল৷
নিউজউইকে ‘জেল-অ’ টেণ্টেকেল থকা মগজু’ বুলি বৰ্ণনা কৰিছে আৰু ইয়াৰ ৰং গাঢ় গোলাপী-বাদামী। অৱশ্যে মৃত এই অদ্ভুত সাগৰীয় প্ৰাণীটোৰ ফ’টোখন এতিয়া ভাইৰেল হ’লেও ই প্ৰায় ডেৰ দশক পুৰণি বুলি কোৱা হৈছে৷
লগতে পঢ়ক আজাদী কা অমৃত মহোৎসৱ! চকুৰ ভিতৰত এজন লোকে আঁকিলে ত্ৰিৰংগা
পোষ্টটো শ্বেয়াৰ কৰি ইউজাৰজনে লিখিছে, ‘‘মইও দক্ষিণ কোৰিয়াৰ সাগৰত কিয় সাঁতোৰা নাছিলো! ২০০৮ চনত ইঞ্চিয়নৰ সাগৰৰ পাৰত এই ফটোখন তোলা হৈছিল৷’’ ব্যৱহাৰকাৰীয়ে কয় যে তেওঁ ইয়াৰ পূৰ্বে বা তাৰ পিছতো ইয়াতকৈ ডাঙৰ এনেধৰণৰ জেলিমাছ ক’তো দেখা নাছিল। এলচিগে নিউজৱিকক জনোৱা মতে, প্ৰাণীটোৰ আকাৰ প্ৰস্থ আছিল প্ৰায় ১-১.৫ মিটাৰ (৩.২-৪.৯ ফুট)।
ফ’টোখন শ্বেয়াৰ কৰাৰ পিছৰে পৰা পোষ্টটোৱে ৰেডিটত ৬২ হাজাৰতকৈ অধিক লাইক কৰাৰ লগতে বহুলোকে মন্তব্য লাভ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘এইবাৰ দ্বিতীয়বাৰৰ বাবে মই এগৰাকী মহিলাৰ ভৰিৰ এটা বিশাল জেলিফিছৰ ওপৰত দেখিছো।’’ আন কিছুমান ব্যৱহাৰকাৰীয়ে কয় যে এই জীৱটো নোমুৰাৰ জেলিফিছ হ’বও পাৰে।
লগতে পঢ়ক ঘৰুৱা উপায়েৰে কেনেকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰি?
লণ্ডনৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ জেলিফিছ বিশেষজ্ঞ তথা বৈজ্ঞানিক সহযোগী গিল মেপষ্টোনে আউটলেটটোক জনাইছে যে, ‘‘বিশাল নেমোপিলেমা নোমুৰাই হৈছে এটা ৰাইজ’ষ্টম জেলী। এই প্ৰজাতিটো এনেকুৱাই হয়।’’
নিউজইউকৰ এক প্ৰতিবেদন অনুসৰি নোমুৰাৰ জেলিফিছ হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ জেলিফিছ৷ এই দৈত্যকায় প্ৰাণীবোৰ প্ৰায়ে পূব চীন সাগৰ আৰু কৃষ্ণ সাগৰত পোৱা যায়। ইহঁতৰ দীঘল টেণ্টেকলত বিষ থাকে, যাৰ ফলত খজুৱতি, ফুলা, চৰম অস্বস্তি আনকি কিছুমান পৰিস্থিতিত মৃত্যুও হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ