• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

4 years ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

8 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

8 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

9 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

9 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

10 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

11 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

11 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

12 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

13 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

13 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

13 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?

editor by editor
August 11, 2022
in ক্ৰীড়া, বিশ্ব
0
‘মোৰ বাবে প্ৰাৰ্থনা কৰক, মই বহুত কষ্ট ভুগি আছো’ অনুৰাগীক কিয় কৰযোৰে আহ্বান ছোৱেইব আখটাৰৰ?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময়ত বিশ্ব ক্ৰিকেটৰ ২২ গজৰ ক্ৰিজত সকলো বেটছমেনৰ বাবেই তেওঁ আছিল মূৰৰ কামোৰণি৷ ধুমুহাৰ গতিৰ বলিঙিৰে বিপক্ষৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিছিল তেওঁ৷ এসময়ত বিশ্বৰ সৰ্বাধিক দ্ৰুততম বেগী বলাৰৰূপেও খ্যাতি আছিল তেওঁৰ৷

তেওঁ হৈছে ৰাৱালিপিণ্ড এক্সপ্ৰেছ খ্যাত পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰ৷ ঘণ্টাত প্ৰায় ১০০ মাইলৰ গতিত বলিং কৰি বিশ্ব ক্ৰিকেটৰ ২২ গজৰ ক্ৰিজত তাণ্ডৱ সৃষ্টি কৰি বিপক্ষৰ বেটিং লাইনআপ তছনছ কৰা এই ছোৱেইব আখটাৰ এতিয়া যেন ভাগৰুৱা তথা অৱসাদক্লিষ্ট৷

ক্ৰিকেটৰ খেলপথাৰত প্ৰচণ্ড গতিৰ বাবে বিখ্যাত এই ছোৱেইব আখটাৰে এতিয়া নিজৰ বাবে অনুৰাগীৰ পৰা প্ৰাৰ্থনা কামনা কৰিছে৷ বিশ্ববিশ্ৰুত পাকিস্তানৰ এই প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কৈছে যে তেওঁ অশেষ কষ্ট ভোগ কৰি আছে আৰু সেই কষ্টৰ পৰা তেওঁক মুক্তি লাগে!

 

লগতে পঢ়ক সাগৰৰ পাৰত বিশাল আকাৰৰ অদ্ভুত জীৱ আৱিষ্কাৰ!দেখি স্তম্ভিত হ’ল সমগ্ৰ নেট-নাগৰিক!

অত্যন্ত শক্তিশালী, পেশীবহুল দেহৰগৰাকী ছোৱেইব আখটাৰ এতিয়া বিষত জৰ্জৰিত৷ উল্লেখ্য যে ৪৬ বছৰীয়া পাকিস্তানৰ এই বেগী বলাৰগৰাকীয়ে আঁঠুৰ বিশেষ অসুখত ভুগি আহিছিল৷ ইয়াৰ পৰা উপশম লাভ কৰিবলৈ ক্ৰিকেটাৰগৰাকীয়ে যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এখন চিকিৎসালয়ত আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰোৱায়৷ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হ’লেও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে তীব্ৰ বিষত আক্ৰান্ত হৈ আছে৷

ইয়াৰ পিছতে ছোৱেইব আখটাৰে চিকিৎসালয়ৰ বিচনাৰ পৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প’ষ্ট কৰে। নিজৰ আশুআৰোগ্য কামনাৰে প্ৰাক্তন ক্ৰিকেটাৰ আখটাৰে ভিডিঅ’টোত অনুৰাগীসকলক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে। ভিডিঅ’টোত তেওঁ লগতে কয় যে তেওঁ বহুত কষ্টত আছে আৰু শীঘ্ৰেই আৰোগ্য লাভৰ বাবে অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনা দুয়োটাৰেই প্ৰয়োজন।

 

লগতে পঢ়ক টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

উল্লেখ্য যে যোৱা ১১ বছৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে আঁঠুৰ যন্ত্ৰণাত ভুগি আহিছে৷ এই বিষে প্ৰায়ে কোঙা কৰি তোলা আখটাৰে ইয়াৰ পূৰ্বে পাঁচবাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে যদিও সম্পূৰ্ণ আৰোগ্য হৈ উঠা নাই৷

‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো বিগত ১১ বছৰ ধৰি মই বহু যন্ত্ৰণা ভুগি আহিছো। মই আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলোহেতেন। কিন্তু মই সচেতন আছিলো যে মই এনে কৰিলে মোৰ জীৱনটো হুইল চেয়াৰত বন্দী হৈ পৰিব। সেইবাবেই মই ক্ৰিকেটৰ পৰা অৱসৰ লৈছিলো।’’ আখটাৰে লগতে কয়৷

উল্লেখ্য যে পাকিস্তানৰ দ্ৰুত বলিং কিংবদন্তি ছোৱেইব আখটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৬ খন টেষ্টত ১৭৮টা, ১৬৩খন এদিনীয়া খেলত ২৪৭টা  আৰু ১৫খন T20 ইণ্টাৰনেশ্যনেলত ১৯ টা উইকেট দখল কৰিছে।

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamformer Pak Cricketer Shoaib Akhtarformer Pak pacer Shoaib AkhtarShoaib AkhtarWorld Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই
বিনোদন

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

October 28, 2026
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
বিশ্ব

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

October 28, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’
বিশ্ব

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

October 27, 2026
Next Post
বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ

আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.