মানৱতাক ভুলুণ্ঠিত কৰাৰ এক অতি বৰ্বৰ কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈছে৷ ভিডিঅ’টোত দেখা গৈছে যে এজন প্ৰতিবন্ধী লোকক দুজন ব্যক্তিয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছে৷ জানিব পৰা মতে ভিডিঅ’টো ওড়িশাৰ ময়ুৰভঞ্জৰ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নেট-নাগৰিকে অভিযুক্ত দুই ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে৷
ভিডিঅ’টোত দেখা গৈছে যে এজন প্ৰতিবন্ধী লোক মজিয়াত বহি আছে৷ দুজন লোকৰ এজনে লোকজনক চুলিত ধৰি আছে আৰু আনজনে এডাল প্লাষ্টিকৰ লাঠিৰে প্ৰতিবন্ধী লোকজনক প্ৰচণ্ড জোৰেৰে প্ৰহাৰ কৰা দেখা গৈছে৷ ইজন লোকে ভৰিৰ মোজা খুলি বিকলাংগ লোকজনক ভৰি চেলেকিবলৈ বাধ্য কৰাইছে৷
কান্দোত চিঞৰি থকা প্ৰতিবন্ধী লোকজনক কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা নগ’ল৷
A de-addiction center owner is brutally torturing a disabled person.The worker even beats the patient with a plastic pipe and forcefully licks his feet.
The barbaric incident happened at #Mayurbhanj,Odisha@nhrfnews @UNHumanRights @ANI @DGPOdisha @CMO_Odisha @rashtrapatibhvn pic.twitter.com/2ChpmljdF9— Manas Behera. ANI (@manasbehera07) August 10, 2022
লগতে পঢ়ক টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
অসহায় দুভগীয়া অক্ষম লোকজনে ভৰি চেলেকিবলৈ ইতস্ততঃবোধ কৰাত আনজন লোকে চুলিত ধৰি জোৰেৰে ভৰি চেলেকাই দিয়ে। ভৰিত জিভাখন লগাৰ পিছতে জিভাখন চাফা কৰিবলৈ চেষ্টা কৰে, কিন্তু আকৌ তেওঁক গুণ্ডাগিৰি কৰি চুলিত ধৰি দুবাৰ ভৰি চেলেকিবলৈ বাধ্য কৰা হয়।
মানৱ সমাজক লজ্জানত কৰা এই অমানৱীয় ঘটনাটো ময়ুৰভঞ্জৰ এটা ড্ৰাগছ নিচা মুক্তি কেন্দ্ৰৰ৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বৰ্বৰ কাণ্ড সংঘটিত কৰা দুই অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰাৰ সময়তে ঘটনাটো এটা বছৰৰ পুৰণি বুলি জানিব পৰা গৈছে৷
ময়ুৰভঞ্জ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ঘটনা সন্দৰ্ভ ইতিমধ্যে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰা হৈছে৷ আৰক্ষীয়ে স্পষ্টভাৱে কয় যে এই অমানৱীয় ঘটনাটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হ’লেও বিগত বৰ্ষৰ জুলাই মাহতেই সংঘটিত হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ