বহুতে শুই থকাৰ সময়ত কেতিয়াবা কঁপনি অনুভৱ কৰে। কিন্তু কিয় এনেকুৱা হয় আৰু ইয়াৰ কাৰণ কি জানেনে? এইটো এটা ৰোগ নে স্বাভাৱিক? জানো আহক….
ইয়াক ‘হিপনিক জৰ্ক’ বা ‘শ্লীপ ষ্টাৰ্ট’ বুলি জনা যায়। এয়া হৈছে জাগ্ৰত হোৱা আৰু শুই থকাৰ মাজৰ অৱস্থা। এয়া হৈছে টোপনি আৰু অনিদ্ৰাৰ পৰিৱৰ্তনকাল।
মানুহে লঘু টোপনিত থাকিলে এই কঁপনিবোৰ অনুভৱ হয়। অৰ্থাৎ তেওঁ সম্পূৰ্ণ জাগ্ৰত নহয়, গভীৰ টোপনিতো নাই। সাধাৰণতে টোপনিৰ প্ৰথম পৰ্যায়ত হৃদস্পন্দন আৰু উশাহ-নিশাহ লেহেমীয়া হ’লে এই পৰিঘটনা ঘটে।
গৱেষণা অনুসৰি শুই থকাৰ সময়ত কঁপনি অনুভৱ কৰাটো স্বাভাৱিক। প্ৰায় ৬০ৰ পৰা ৭০ শতাংশ লোকে এনে অনুভৱ কৰে। বহুতে হিপনিক জৰ্ক অনুভৱ কৰে কিন্তু হয় মনত নাপায় বা সচেতন নহয়। বিশেষকৈ তেতিয়া যদি কাৰোবাৰ টোপনি এই কঁপনিবোৰে ভাঙি নাযায়, তেন্তে জনাটো বৰ কঠিন হৈ পৰে।
ই কোনো ৰোগ নহয় আৰু ই কোনো স্নায়ুতন্ত্ৰৰ বিকাৰ নহয়। বিজ্ঞানী আৰু চিকিৎসকে ইয়াক এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি গণ্য কৰে।
কিন্তু কিয় এনে হয়? যদিও এতিয়ালৈকে কোনো নিশ্চিত গৱেষণা কৰা হোৱা নাই, কিন্তু ইয়াৰ আঁৰত বিজ্ঞানীসকলে বিভিন্ন কাৰণ দাঙি ধৰিছে। কিছুমানে কয় যে সপোনত পৰিলে বা বিভ্ৰান্ত হ’লে শৰীৰত কঁপনি উঠে।
কিছুমান বিজ্ঞানীৰ মতে মানসিক চাপ, উদ্বেগ, ভাগৰ বা কেফেইন সেৱন কৰা বা টোপনিৰ অভাৱ আদি কাৰণে ইয়াৰ আঁৰত কাম কৰে। কেতিয়াবা সন্ধিয়া সময়ত কৰা অত্যধিক শাৰীৰিক ক্ৰিয়া-কলাপ বা ব্যায়াম কৰিলেও হিপনিক জৰ্ক হ’ব পাৰে।
এক প্ৰতিবেদন অনুসৰি টোপনিৰ সময়ত মাংসপেশীৰ ক্ৰেম্প হোৱাৰ বাবে আমি কঁপনি অনুভৱ কৰো। ইয়াৰ লগতে মাংসপেশীৰ স্পামৰ কাৰণ হ’ল শব্দ আৰু পোহৰ বুলিও কোৱা হৈছে।
অস্বস্তিকৰ অৱস্থাত শুই থকা বা কেঁচা টোপনিত শুই থকা। এনে অৱস্থাত মগজুৰ আধা অংশ সক্ৰিয় হৈ থাকে বুলি বিশ্বাস কৰা হয়।
স্নায়ু উদ্দীপক ঔষধৰ অতিমাত্ৰা সেৱন কৰিলেও হিপনিক জৰ্ক হোৱাৰ আশংকা হ’ব পাৰে।
শুই থকাৰ সময়ত কঁপনি হোৱাটো সম্পূৰ্ণ স্বাভাৱিক কিন্তু যদি আপুনি অহৰহ অস্থিৰতা অনুভৱ কৰে বা ইয়াৰ বাবে আপোনাৰ টোপনি প্ৰায়ে বিঘ্নিত হয় তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।
see More
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ