বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে
এটা বিশেষ ঈদগাহ, যি ঈদগাহত থকা লেচু গছৰ লেচু পকি ছিঙি বিক্ৰীও হ’ল। কিন্তু তাৰ বিপৰীতে বাকি প্ৰায় সকলোতে এতিয়াও কেঁচা হৈ আছে লেচু। বহু দিন ধৰি বৈজ্ঞানিকেও সমাধান উলিয়াব পৰা নাই এই ৰহস্যৰ। এই বিশেষ লেচু হৈছে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰপুৰৰ।
মুজাফ্ফৰপুৰৰ ঈদগাহৰ সকলো লেচু পকি উঠিছে। ইয়াৰ অধিকাংশ ইতিমধ্যে চপোৱা হৈ দিল্লীলৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। সেই মুজাফ্ফুৰপুৰতে থকা এটা ঈদগাহৰ লেচু পকাক লৈ আজিও এক ৰহস্যৰ আৱৰ্তত। কোনেও এই ৰহস্য সমাধান কৰিব পৰা নাই।
শ্বাহী লেচু, যি সমগ্ৰ দেশৰ লগতে বিশ্বতো জনপ্ৰিয়। বহু লোকৰে প্ৰিয় শ্বাহী লেচু। সেই মুজাফ্ফৰপুৰৰেই বিখ্যাত শ্বাহী লেচুৰ বাবে। ইয়াৰ জি আই টেগো আছে। প্ৰতি বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে বিশ্ববিখ্যাত মুজাফ্ফৰপুৰৰ ৰাজকীয় লিচুৰ সোৱাদ ল’ব।
ইতিমধ্যে সেই লেচু চপোৱাৰ পাছত দিল্লীলৈ পঠিয়াবলৈ প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আদিলৈ প্ৰেৰণ কৰা হব এই লেচু।
ঠাই খনৰ গৌশালা পথত অৱস্থিত ঈদগাহৰ ভিতৰৰ লেচু সন্দৰ্ভত আছে এক ৰহস্য। বিশ্বাস কৰা অনুসৰি, বাগিচাৰ পৰা লেচু ফল চপোৱাৰ কাম আৰম্ভ হৈছে আৰু ইয়াক ৰেলযোগে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। কৃষকসকলে দাবী কৰে যে ঈদগাহৰ লেচু প্ৰথমে পকে। এই লেচু প্ৰতি কেজি দৰ ১২৫ৰ পৰা ১৩০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ