এনেয়ে মৰিছো ঋষিৰ শাপত৷ তাতে আকৌ দিছে ধানৰ ভাপত৷ সম্প্ৰতি অসম প্ৰদেশ কংগ্ৰেছৰ অৱস্থা এনেকুৱাই হৈছে৷ সাধাৰণ নেতা-কৰ্মীক বাদেই দিলো, খোদ বিধায়কে অগপ অথবা বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে৷ তেনে সময়তেই আন এক ঘটনাচক্ৰই জোঁকাৰি গৈছে প্ৰদেশ কংগ্ৰেছক৷ বিশেষকৈ লোকসভাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ লৈছে দলৰ ভিতৰচ’ৰাত৷ ধুবুৰীত ৰকিবুল হুছেইনে নিজকে স্বয়ম্ভূ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ লগে লগে নামনিৰ কংগ্ৰেছী বিধায়ক-নেতাসকল একগোট হৈ তীব্ৰ ক্ষোভ উজাৰিছে৷ ধুবুৰীৰ কেইবাজনো স্থানীয় যোগ্য প্ৰাৰ্থী থকা সত্ত্বেও ৰকিবুল হুছেইনে সমষ্টিটো নিৰ্বাচন কৰাৰ পাছত যেন কদোৰ বাহত জুই লাগিছে৷ ৰকিবুলৰ দৰে এতিয়া নগাঁৱত জুই লগাইছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে৷
ৰাজ্যৰ কংগ্ৰেছীসকলৰ মনত প’ষ্টাৰ বয়ৰূপে স্থান পোৱা গৌৰৱ গগৈয়ে মন মেলিছে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ৷ বাস্তৱিকতে কংগ্ৰেছৰ প’ষ্টাৰ বয় গৌৰৱে নিজৰ জয়ক লৈয়ে সন্দিহান হৈ পৰিছে৷ সেয়ে নকৈ গঠিত কাজিৰঙা অথবা যোৰহাটত প্ৰাৰ্থী হ’বলৈ অনিচ্ছুক গগৈ৷ কিয়নো, এই দুয়োটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছৰ প’ষ্টাৰ বয় যে পৰাজিত হ’ব সেয়া নিশ্চিত৷ যাৰ বাবে গৌৰৱৰ চকু নগাঁও লোকসভাত পৰিছে৷ দীৰ্ঘদিন ধৰি গেৰুৱা দলৰ দখলত থকা নগাঁও লোকসভা ২০১৯ৰ নিৰ্বাচনত পুনৰুদ্ধাৰ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে৷ নগাঁওবাসীৰ হৈ যথেষ্টখিনি কামো কৰিছিল বৰদলৈয়ে৷ কিন্তু, কংগ্ৰেছৰ লেং মৰা ৰাজনীতিৰ বলি হ’বলৈ ওলাইছে ৰাজ্যৰ ৰাজনীতিত ভদ্ৰ ৰাজনীতিক হিচাপে পৰিচিত প্ৰদ্যুৎ বৰদলৈ৷
কংগ্ৰেছৰ এটা শক্তিশালী লবীয়ে প্ৰদ্যুৎ বৰদলৈক টিকটৰ পৰা বঞ্চিত কৰিবলৈ উঠি-পৰি লাগিছে৷ এই লবীটোৰ ছত্ৰছায়াত থাকি গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ অজ্ঞাতে বুধবাৰৰে পৰা নগাঁও সংসদীয় সমষ্টিত আৰম্ভ কৰিছে কৰ্মীসভা৷ আজি ধিঙৰ গৰিয়া কাৱৈমাৰীত এখন কৰ্মীসভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে৷ এই কৰ্মীসভাত এজন কংগ্ৰেছ নেতাই উদাত্ত ভাষণেৰে নগাঁৱত গৌৰৱ গগৈক বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভাত মুছলমান ভোটাৰৰ সংখ্যা জয় জয়-ময় ময় হৈ উঠিছে৷ সংসদত কোনোদিনে খিলঞ্জীয়া অসমীয়াৰ হৈ এটা মাত মাতি নোপোৱা কংগ্ৰেছৰ প’ষ্টাৰ বয় গৌৰৱ গগৈয়ে মুছলমান ভোটেৰে জয়ৰ সপোন দেখিবলৈ লৈছে৷ যাৰ বাবে নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ অজ্ঞাতে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে৷
নগাঁও কংগ্ৰেছত উলম্ব বিভাজন
একাংশই বিচাৰে প্ৰদ্যুৎ বৰদলৈক৷ আন এটা অংশই বিচাৰে গৌৰৱ গগৈক৷ বৰদলৈ আৰু গৌৰৱক লৈ ৰছী টনা খেলক লৈয়ে এতিয়া নগাঁও কংগ্ৰেছ দ্বিবিভক্ত হৈ হৈছে৷ ধুবুৰীৰ দৰে নগাঁৱতো প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈ উঠিছে৷ এই সংঘাতত ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল বাৰুকৈয়ে হতাশ হৈছে৷ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কথা শুনিবলৈ ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন আদিৰ সময় নাথাকিলে দলটো যে অনাগত দিনত আৰু বিপদত পৰিব সেয়াও কিন্তু ধুৰূপ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ